শেহতীয়া খবৰ
Home / আঞ্চলিক / এফালে কোটিটকীয়া চৰকাৰী কাৰ্যালয়, আনফালে ধ্বংসস্তূপত পানী যোগান আঁচনি

এফালে কোটিটকীয়া চৰকাৰী কাৰ্যালয়, আনফালে ধ্বংসস্তূপত পানী যোগান আঁচনি

গণ বাৰ্তা, কাজিৰঙা, ১০ ছেপ্টেম্বৰ : অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নৱনিৰ্মিত কাৰ্যালয়টো বিলাসী হোটেলৰ তুলনাত কোনোগুণেই কম নহয।গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ৰ প্ৰতিটো কোঠাতে আছে এচি, দামী টাইল্‌ছযুক্ত মজিয়া, লিফ্‌ট আদিৰ সুব্যৱস্থা। ইয়াৰ বিপৰীতে ৰাজ্যত থকা মুঠ প্ৰায় আঠ হাজাৰ পানী যোগান আঁচনিৰ তিনি হাজাৰেই বিকল অৱস্থাত আছে। তদুপৰি কাজিৰঙাত ভূত বঙলাত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিলাসী পৰিদৰ্শন বঙলা, পানী যোগান আঁচনি। জহি-খহি গৈছে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বৃহত্তৰ কাজিৰঙা পানী যোগান প্ৰকল্প। ২০১৩ চনতে কংগ্ৰেছ চৰকাৰৰ আমোলত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী গৌতম ৰয়ৰ পৃষ্ঠপোষকতাত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ কঁহৰাত নিৰ্মাণ কৰা হৈছিল বিলাসী অতিথিশালাটো।

অতিথিশালাটোত সংলগ্ন আছিল এচি, টাইল্‌ছ, টিভি ইত্যাদিৰ সুন্দৰ ব্যৱস্থা। লগতে নিৰ্মাণ কৰা হৈছিল কাজিৰঙাৰ প্ৰায় ৪০খন গাঁও সামৰি বৃহত্তৰ কাজিৰঙা পানী যোগান প্ৰকল্প। এটা সময়ত প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ল। অতিথিশালাটোৰ কিছু কাম বাকী ৰ’ল যদিও প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে আনুষ্ঠানিকভাৱে উদ্বোধনো কৰি এনিশা কটালেও। সেয়াই আৰম্ভ আৰু শেষ। ইয়াৰ পাছত কোনো অজান কাৰণত স্তব্ধ হৈ পৰিল প্ৰকল্পৰ সমূহ কাম-কাজ। এতিয়া এলেকাটোত বিৰাজ কৰিছে এক জয়াল পৰিৱেশে। এফালৰ পৰা ধ্বংসৰ গৰাহলৈ গৈছে ৰাজহুৱা সম্পত্তি। পৰিণত হৈছে মদ-জুৱাৰ আড্ডাস্থলীৰ লগতে চোৰৰ চাফাই। অতিথিশালাটোত থকা প্ৰায়বোৰ সামগ্ৰীয়ে ইতিমধ্যে চোৰৰ হাত লাগিল। আনহাতে হাবি-জংঘলেৰে ভৰি পৰিছে পানী যোগান প্ৰকল্পটোৰ প্ৰতিটো যন্ত্ৰ। তদুপৰি সুৰাৰ বটলেৰে ভৰি পৰিছে প্ৰকল্পটোৰ চৌপাশ।

উল্লেখ্য যে ২০১৩ চনতেই পানী যোগান প্ৰকল্পটোত এজন যুৱকক চোৱাচিতাৰ দায়িত্ব দিছিল। কিন্তু কেৱল দায়িত্বহে দিলে, কোনোধৰণৰ পাৰিতোষিক আজিলৈকে নাপালে যুৱকজনে। তথাপি মনত অদম্য আশা লৈ আজিও সাধ্যানুসৰি চোৱাচিতা কৰি আহিছে যুৱকজনে। ৰাজহুৱা সম্পত্তিৰ এই অপচয়ত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে দল-সংগঠন তথা কাজিৰঙাৰ স্থানীয় ৰাইজ। যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা তথা বোকাখাত মহকুমা সমিতিয়ে এই পানী যোগান প্ৰকল্পটোৰ লগতে ৰাজ্যৰ বিকল অৱস্থাত থকা তিনি হাজাৰতকৈও অধিক পানী যোগান প্ৰকল্পক পুনৰ কাৰ্যক্ষম কৰাৰ বাবে চৰকাৰক দাবী জনাইছে। কাজিৰঙাৰ টাই আহোম ছাত্ৰ সন্থা, কহঁৰা বজাৰ সমিতিৰ দাবী যে চৰকাৰী বিষয়াৰ বাবে ইমান ব্যয়বহুল কাৰ্যালয় নিৰ্মাণৰ বিপৰীতে কাজিৰঙাৰ যিসমূহ গাঁৱত এতিয়াও দমকল অথবা পানীৰ ব্যৱস্থা নাই সেইসমূহত অতি সোনকালে পানীৰ ব্যৱস্থা কৰক।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )