শেহতীয়া খবৰ
Home / আঞ্চলিক / জাগীভকতগাঁৱৰ কপিলি নৈৰ দলং নিৰ্মাণৰ দাবীত ব্যাপক প্ৰতিবাদ ৰাইজৰ

জাগীভকতগাঁৱৰ কপিলি নৈৰ দলং নিৰ্মাণৰ দাবীত ব্যাপক প্ৰতিবাদ ৰাইজৰ

গণ বাৰ্তা, জাগীৰোড, ১০ ছেপ্টেম্বৰ : ২০১১ চনতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা জাগীভকতগাঁৱৰ কপিলী নৈৰ দলংখন আজিলৈ সম্পূৰ্ণ নোহোৱাত অতি শংকাৰ মাজেৰে যাতায়াত-যোগাযোগ অব্যাহত ৰাখিছে মৰিগাঁওবাসীয়ে। ২৯ কোটি টকাৰে নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া দলংখনৰ এটাও খুঁটা আজিলৈ সম্পূৰ্ণ নোহোৱাত নিৰ্মাণকাৰী কোম্পানী ‘চিমপ্লেক্স’ৰ অকৰ্মণ্যতা ওলাই পৰিছে । অতি লেহেমীয়া গতিৰে দলং নিৰ্মাণ কৰি থকা ‘চিমপ্লেক্স’ কোম্পানীয়ে কপিলী নৈৰ ছটা খুঁটাযুক্ত দলংখনৰ এটাও খঁুটা আজিলৈ সম্পূৰ্ণ হোৱা নাই। ১৯৬২ চনত নিৰ্মিত পুৰণি দলংখনৰ কাষেৰে পূব দিশত নতুন দলংখনৰ কাম আৰম্ভ কৰিছিল বিয়াগোম কোম্পানী চিমপ্লে­ক্সে।

২০১১ চনৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ কৰা দলংখন সম্পূৰ্ণ কৰাৰ দাবীত বিভিন্ন সময়ত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কোনো সুফল পোৱা নাই ৰাইজে । সেয়ে এইবাৰো কপিলী দলং দাবী সমিতি, বাঘজাঁপ ত্ৰিবেণী সংঘ, এজেৱাইচিপি, কেএমএছএছ, আছু, তিৱা যুৱ-ছাত্ৰ পৰিষদকে ধৰি স্থানীয় ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ তথা চিমেপ্লক্স কোম্পানীৰ সুমতি বিচাৰি মঙ্গলৰ বাবে এক গণতান্ত্ৰিক আন্দোলনৰ লগতে জলপূজা কৰে স্থানীয় ৰাইজে। উল্লেখ্য যে ২৯ কোটি টকাৰে নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া দলংখনৰ বাবদ বৰ্তমানলৈ ১১ কোটি টকা মোকলাই নিজে কোম্পানীয়ে। তৎসত্ত্বেও দলংখনৰ এটাও খুঁটা আজিলৈ সম্পূৰ্ণ নোহোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে। ইতিমধ্যে পূৰ্বৰ দলংখনৰ ম্যাদ ২০১২ চনত উকলি গৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )