শেহতীয়া খবৰ
Home / আঞ্চলিক / উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নোহোৱাকৈ চৰকাৰে নিজাকৈ এনআৰচিৰ পৰা সন্দেহযুক্ত ব্যক্তিৰ নাম কৰ্তন কৰিব পাৰেঃ উপমন্যু হাজৰিকা

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নোহোৱাকৈ চৰকাৰে নিজাকৈ এনআৰচিৰ পৰা সন্দেহযুক্ত ব্যক্তিৰ নাম কৰ্তন কৰিব পাৰেঃ উপমন্যু হাজৰিকা

মহানগৰ প্ৰতিবেদক, ১০ ছেপ্টেম্বৰ : উচ্চতম ন্যায়ালয়ৰ পুনৰ দ্বাৰস্থ নোহোৱাকৈয়ে চৰকাৰে নিজাকৈ চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত হৈ পৰা বিদেশী লোকৰ নাম কৰ্তন কৰিব পাৰে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰিছে প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহবায়ক তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাই। তেওঁ কয় যে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ক্ষেত্ৰত ২০০৩ৰ অধিনিয়মৰ দহ নং দফাই পঞ্জীয়ন কতৃÇপক্ষক সন্দেহযুক্ত ব্যক্তিৰ নাম কৰ্তন কৰাৰ অধিকাৰ প্ৰদান কৰিছে। যিসকল ব্যক্তিয়ে ভুল বা মিছা তথ্য দি এন আৰ চিত অন্তৰ্ভুক্ত হৈছে সেইসকল লোকক কৰ্তন কৰিব পাৰে পঞ্জীয়কৰ লগতে চৰকাৰে। ইয়াৰ বাবে চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কোনো প্ৰয়োজন নাই।

ৰাজ্যৰ ৰাজনৈতিক নেতাসকলে জনতাক আভুৱা-ভাঁৰাৰ উদ্দেশ্যৰে এন আৰ চিত সন্দেহযুক্ত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ৰাজনৈতিক নেতাসকলে ৰাজনৈতিক মুনাফাৰ বাবেই এই কাৰ্য চলাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে উপমন্যু হাজৰিকাই। তেওঁ কয়- এন আৰ চিত বিসংগতি তথা প্ৰৱঞ্চনাৰে যদি বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে, তাৰ উচিত তদন্ত আৰু তথ্য সংগ্ৰহ কৰি ২০০৩ৰ অধিনিয়মৰ ১০ নং দফাৰ অধীনত পুনৰীক্ষণ কৰাৰ অধিকাৰ দিছে। তেওঁ কয়- এন আৰ চি প্ৰকাশ হৈছে নাগৰিকত্ব আইনৰ ১৯৫৫ৰ অধীনত ঘোষিত, (নাগৰিক পঞ্জীয়ন আৰু পৰিচয়-পত্ৰ) অধিনিয়ম-২০০৩ৰ অধীনত। এই অধিনিয়মৰ অন্তৰ্গত সমগ্ৰ ভাৰতৰ বাবে এন আৰ চি সংগ্ৰহ কৰা প্ৰক্ৰিয়াৰ উপৰি বিশেষ এটা সূচীৰ দ্বাৰা অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া প্ৰকাশ কৰা হৈছে।

এন আৰ চি খচৰাৰ ক্ষেত্ৰত চাৰি নং দফাৰ অধীনত উপায়ুক্তক পুনৰীক্ষণৰ অধিকাৰ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি উপমন্যু হাজৰিকাই এইবুলিও কয় যে ২০১৮ৰ ২৮ আগষ্টত উচ্চতম ন্যায়ালয়ে দহ শতাংশ পুনৰীক্ষণৰ নিৰ্দেশ দিছিল। ৰাজ্য চৰকাৰে এই দফাৰ অন্তৰ্গত পুনৰীক্ষণৰ অধিকাৰ সকলো সময়তে লাভ কৰি আছিল বুলি উল্লেখ কৰি সংবাদমেলত তেওঁ এইবুলিও কয় যে চৰকাৰে তাকে নকৰি উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত এন আৰ চি প্ৰকাশৰ প্ৰাক্‌মুহূৰ্তত কোনো তথ্য নিদিয়াকৈ পুনৰীক্ষণৰ আবেদন জনাইছিল। যাৰ বাবে উচ্চতম ন্যায়ালয়ে সেই আবেদন নাকচ কৰিছে বুলি আজি সংবাদমেলত উল্লেখ কৰে প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহবায়কগৰাকীয়ে। তেওঁ কয়- এই বিষয়টোৰ প্ৰতি দৃষ্টিগোচৰ কৰি প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হৈছে।

আজি সংবাদমেলত তেওঁ এই বুলিও কয় যে এন আৰ চিত হোৱা বিসংগতিৰ তথ্য সংগ্ৰহ কৰি থকা হৈছে।এই তথ্য সংগ্ৰহ কৰি অনাগত সময়ছোৱাত সেই তথ্য চৰকাৰক প্ৰদান কৰা হ’ব। যদি চৰকাৰে সেই তথ্য গ্ৰহণ কৰিও কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে উচ্চতম ন্যায়ালয়ৰ তেওঁলোক দ্বাৰস্থ হ’ব বুলি উল্লেখ কৰিছে। লগতে এন আৰ চিৰ বিসংগতি তথা জালিয়াতিক লৈ ৰাইজৰ হাতত যি যি তথ্য আছে সেই সকলো তথ্য ৯৪০১১৭৩৪৩৫ত হোৱাট্‌ছএপ বা মেছেজ কৰিবলৈ আহবান জনাইছে উপমন্যু হাজৰিকাই।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )