শেহতীয়া খবৰ
Home / আঞ্চলিক / বিজেপিৰ ওচৰত আত্মসমৰ্পণ অগপৰ তিনি মন্ত্ৰীৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিবৰ বাবে অপচেষ্টা: অখিল গগৈ

বিজেপিৰ ওচৰত আত্মসমৰ্পণ অগপৰ তিনি মন্ত্ৰীৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিবৰ বাবে অপচেষ্টা: অখিল গগৈ

গণবাৰ্তা,কাজিৰঙা, ১১ ছেপ্তেম্বৰ : বিজেপি তথা আৰ এছ এছৰ চৰকাৰখনে অসমীয়া মানুহৰ মৰ্মবেদনা উপলব্ধি নকৰিলে ৷উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হিয়াভগা কান্দোন বুজিবলৈ চেষ্টা নকৰে শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে ৷ অসমৰ দল সংগঠন তথা ৰাইজৰ প্ৰতিবাদক বৃদ্ধঅংগুষ্ঠ প্ৰদৰ্শন কৰিলে শাসনাধীষ্ঠ  বিজেপি চৰকাৰে ৷ অসমৰ প্ৰতিজন নাগৰিকে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰোৱাৰ পাছত পুনৰ অন্যায় তথা অগণতান্ত্ৰিক ভাৱে বিজেপি চৰকাৰখনে  নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিবৰ বাবে যি চেষ্টা কৰিছে এই চেষ্টা এক অপচেষ্টা ৷ কোনো কাৰণতে অসমৰ মানুহ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ এই অপচেষ্টাক মানি লোৱা নহব ৷ কাজিৰঙাত উপস্থিত হৈ এই মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে ৷ লগতে তেও কয় যে অমৃত শ্বাহৰ উপস্থিতিত মিজোৰাম,নাগালেণ্ড,মেঘালয়ৰ তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আদৰণীয় স্থিতিৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,হিমন্ত বিশ্ব শৰ্মাৰ মৌন স্থিতিক প্ৰতিজন অসমীয়াই গৰিহণা দিছে৷

তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰাৰ বাবে অসমৰ ৰাইজ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভিনন্দন আৰু অভিনন্দন জ্ঞাপন কৰে৷আনহাতে অমৃত শ্বাহৰ সন্মুখত তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰাৰ পাছতো অসম গণ পৰিষদৰ তিনিজন মন্ত্ৰীয়ে  মৌনতা অৱলম্বন কৰি যি ধৰণে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন দিলে বা বিজেপি তথা আৰ এছ এছৰ ওচৰত শৰণাপন্ন হল এইয়া সমগ্ৰ অসমীয়া জাতিৰ বাবে এক অপমান ৷অগপৰ এই কাৰ্য্যই পুনৰবাৰ প্ৰমাণ কৰি দিলে যে ক্ষমতাৰ স্বাৰ্থত তেওলোকে সকলো ধৰণৰ আত্মসমৰ্পণ,সকলো ধৰণৰ নীতি বিসৰ্জন দিব পাৰে৷ অসম গণ পৰিষদৰ তিনিওজন মন্ত্ৰীৰ এই আত্মসমৰ্পণ চৰিত্ৰক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিন্দা প্ৰকাশ কৰে ৷

তদুপৰি অতি সোনকালে আঞ্চলিক দলটোক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰিবলৈ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ ইয়াৰোপৰি অখিল গগৈয়ে মন্তব্য কৰে যে অসম গণ পৰিষদে যি ধৰণে আত্মসমৰ্পণ কৰিছে,যি ধৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে তেওলোকে অসম গণ পৰিষদ নামৰ আঞ্চলিকতাবাদ দল এটাত যে আছিলে এইটো এতিয়া এজন অসমীয়া মানুহে মানি লৱ নোৱাৰে ৷অগপৰ তিনি মন্ত্ৰীয়ে আঞ্চলিকতাবাদ ত্যাগ কৰি একপ্ৰকাৰ বিজেপি দলত যোগদান কৰিছে ৷ অগপৰ তিনিওজন মন্ত্ৰীয়ে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰি অসম গণ পৰিষদক বন্ধকত দিয়াৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )