শেহতীয়া খবৰ
Home / আঞ্চলিক / শিক্ষক, সমাজসেৱক অহেদুৰ ওজা (দিলীপ)ৰ অকাল মৃত্যু ঃ বৰপেটা-ভেল্লাত শোক

শিক্ষক, সমাজসেৱক অহেদুৰ ওজা (দিলীপ)ৰ অকাল মৃত্যু ঃ বৰপেটা-ভেল্লাত শোক

দৈনিক গণ অধিকাৰ পৰিয়ালৰ শোক

আজিজুল হক, ভেল্লা, ১১ ছেপ্টেম্বৰ : বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভেল্লাৰ সুশিক্ষক, সমাজসেৱক, জনপ্ৰিয় ব্যক্তি তথা অঞ্চলৰ এগৰাকী সামাজিক নেতা অহেদুৰ ওজা ওৰফে দিলীপ ওজাৰ আজি পুৱা ১০.৩০ বজাত অকাল মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৪৪ বছৰ। বিগত কেইবাদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত অহেদুৰ ওজাই গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাত অঞ্চলজুৰি শোকৰ ছাঁ পৰে। ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক অহেদুৰ ওজা ওৰফে দিলীপ ওজা অঞ্চলটোৰ এগৰাকী ভাল শিক্ষক হিচাপে পৰিচিত আছিল। সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো ওতপ্ৰোতভাৱে জড়িত আছিল তেওঁ। সামাজিকভাৱে অধিক সচেতন ব্যক্তি অহেদুৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিছিল। দৰ্গাহপুৰ সমাজৰ প্ৰাক্তন সম্পাদক অহেদুৰৰ পৰোক্ষভাৱে ৰাজনৈতিক ক্ষেত্ৰখনতো যথেষ্ট অৱদান আছিল।

ছাত্ৰাৱস্থাৰ পৰাই ৰাজনৈতিকভাৱে অধিক সক্ৰিয় আছিল তেওঁ। ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নগাঁৱৰ বি বি কে কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হৈছিল। ইপিনে অঞ্চলৰ এগৰাকী দক্ষ ৰাজনৈতিক ব্যক্তি তথা পৰামৰ্শদাতা হিচাপেও পৰিচিত তেওঁ। তেওঁৰ নেতৃত্বতে তেওঁৰ পত্নী ৰাণী বেগম তিনিবাৰকৈ পঞ্চায়ত সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে নিৰ্বাচিত হৈছিল। ইপিনে নৱপ্ৰজন্মক ৰাজনৈতিক ক্ষেত্ৰখনত অধিক সক্ৰিয় হোৱাত তেওঁৰ অৱদান, পৰামৰ্শ লেখত ল’বলগীয়া। আবেলি তেওঁৰ মৃতদেহ ভেল্লালৈ অনাত তেওঁৰ বিভিন্ন প্ৰান্তৰ অনুগামীৰে ভৰি পৰে বাসগৃহৰ চৌহদ। গুৱাহাটীৰ পৰা তেওঁৰ মৃতদেহ ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আনে আৰু সমূহ শিক্ষক-কৰ্মচাৰীয়ে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে। তেওঁৰ বিদেহী আত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৰাইজে। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে একমাত্ৰ কন্যা, পিতৃ-মাতৃ, ভাতৃ, বায়েক-ভিনিহিয়েকসহ বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়। দৰ্গাহপুৰ মছজিদত আজি মগৰিবৰ নামাজৰ পিছত অগণন জনতাৰ উপস্থিতিত তেওঁৰ জানাজা সম্পন্ন কৰা হয়।
দিলীপ ওজাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ‘দৈনিক গণ অধিকাৰ’ পৰিয়ালে। গণ অধিকাৰৰ সৈতে দিলীপ ওজাৰ আছিল এক নিবিড় সম্পৰ্ক। সকলো অনুষ্ঠানতে আগভাগ লৈ দায়িত্ব সম্পাদন কৰিছিল ওজাই। বিশেষকৈ গণ অধিকাৰ ছ’চিয়েল চাৰ্কোলৰ উদ্যোগত ভেল্লাত অনুষ্ঠিত সাংবাদিক নাজিমুদ্দিন আহমেদৰ স্মৃতিচাৰণ সভাত গধুৰ দায়িত্ব পালন কৰিছিল। ওজাৰ তত্ত্বাৱধানতেই জ্যেষ্ঠ সাংবাদিকগৰাকীৰ স্মৃতিচাৰণ সভা সুচাৰুৰূপে সম্পন্ন হৈছিল। এইগৰাকী উদীয়মান যুৱক তথা সমাজকৰ্মী দিলীপ ওজাৰ সৈতে ‘দৈনিক গণ অধিকাৰ’ৰ এক সু-সম্পৰ্ক গঢ়ি উঠিছিল। তেওঁৰ মৃত্যুত ব্যথিত হৈ গণ অধিকাৰৰ সঞ্চালক ছাহজাহান তালুকদাৰে শোকস্তব্ধ পৰিয়ালক সমবেদনা জনোৱাৰ লগতে প্ৰয়াত ওজাৰ আত্মাৰ চিৰশান্তি কামনা কৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )