শেহতীয়া খবৰ
Home / আঞ্চলিক / গৰৈমাৰীৰ টপাৰ পথাৰ ড০ জাকিৰ হুছেইন হাইস্কুল খেল পথাৰ উন্নয়নৰ কামৰ শুভাৰম্ভ

গৰৈমাৰীৰ টপাৰ পথাৰ ড০ জাকিৰ হুছেইন হাইস্কুল খেল পথাৰ উন্নয়নৰ কামৰ শুভাৰম্ভ

চতুৰ্দশ বিত্তীয় আয়োগৰ দ্বাৰা আবন্টিত ৬কোটি ৪৯ লাখ টকা

গণ বাৰ্তা, গৰৈমাৰী, ১১ ছেপ্টেম্বৰ : দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে আজি আবেলি সমষ্টিটোৰ অন্তৰ্গত তথা গৰৈমাৰী উন্নয়ন খণ্ডৰ এলেকাধীন ডঃ জাকিৰ হুছেইন হাইস্কুল খেলপথাৰ উন্নয়নৰ কামৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ অধীনত আবন্টিত ২০ লাখ টকাৰ এই কামৰ কামৰূপ জিলা ক্ৰীড়া বিষয়াৰ উপস্থিতিত বিধায়কগৰাকীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে । এই উপলক্ষে ডঃ জাকিৰ হুছেইন হাইস্কুল প্ৰাংগণত বিদ্যালয় পৰিচালনা তথা উন্নয়ন সমিতিৰ সভাপতি লোকমান্য হেকিমৰ পৌৰোহিত্যত এখন অনুষ্টুপীয়াকৈ সভাও অনুষ্ঠিত হয়।

উক্ত সভাত মুখ্য অতিথি হিচাবে বিধায়ক ৰেকিবুদ্দিন আহমেদে অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ১২৬খন বিধানসভা সমষ্টিৰ ৫০০টা খেলপথাৰৰ উন্নয়নৰ কাম চলি আছে বুলি ৰাইজক জানিবলৈ দি কয় যে কেৱল নিৰ্বাচনৰ বাহিৰে সকলো ক্ষেত্ৰতে ৰাজনীতিৰ ঊধৰ্বত থাকি ছয়গাঁৱৰ ভিতৰুৱা অঞ্চলৰ উন্নয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ বিষয়ে দোহাৰে। বিধায়কগৰাকীয়ে আৰু কয় যে অসমৰ স্বৰ্ণকন্যা হিমা দাসৰ প্ৰসংগ উল্লেখ কৰি গ্ৰামাঞ্চলৰ পৰা ক্ৰীড়াক্ষেত্ৰৰ প্ৰতিভা উলিয়াব লাগিব বুলি উল্লেখ কৰে । ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ছয়গাঁও, বনগাঁও আৰু গৰৈমাৰী ব্লকৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৬-১৭ আৰু ২০১৭-১৮ বৰ্ষৰ পুঁজিৰ দ্বাৰা আবন্টিত ৬ কোটি ৪৯ লাখ টকাৰ কামৰ আজি গৰৈমাৰী ব্লকত আবন্টিত প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ৩ কোটি ৩ লাখ ৯০ হাজাৰ টকাৰ কামৰো শুভাৰম্ভ কৰে বুলি ৰাইজৰ আগত উল্লেখ কৰে।

সভাখনত কামৰূপ জিলা ক্ৰীড়া বিষয়া তাৰিখে টেৰণ, ক্ৰীড়া উপসংমণ্ডল বিষয়া লুটুৰাজ বসুমতাৰী, জিলা শাৰীৰিক নিৰ্দেশক খগেন নাথ, মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দানেজ আলী আহমেদ, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক আব্দুৰ ৰে7াক, গৰৈমাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি লোকমান আলী, যুৱ কংগ্ৰেছৰ সভাপতি নজমুল হক মোল্লা, ডঃ জাকিৰ হুছেইন হাইস্কুলৰ প্ৰধান শিক্ষক আয়েত আলী খান, বিভিন্ন পঞ্চায়তৰ প্ৰতিনিধিসকল, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকে প্ৰমুখ্য কৰি অগপ-বিজেপি দলৰ নেতা-কৰ্মী আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইফালে বিধায়ক ৰেকিবুদ্দিন আহমেদে বিদ্যালয়খনৰ খেলপথাৰৰ উন্নয়নৰ কামৰ আধাৰশিলা স্থাপনৰ অন্তত আচলপাৰা গাঁও পঞ্চায়তৰ সৰলৰসুঁতি মছজিদ, আচলপাৰা মছজিদ, আচলপাৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়, আচলপাৰা বিদ্যা নিকেতনত ছাত্ৰ-ছাত্ৰীৰ প্ৰস্ৰাৱ-পাইখানা নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধন কৰাৰ লগতে আচলপাৰা ই এণ্ড ডি মথাউৰিৰ পৰা ব্ৰহ্মপুত্ৰ নদীলৈ যোৱা পথত বক্স কালভাৰ্টৰ কামৰো উদ্বোধন কৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )