শেহতীয়া খবৰ
Home / আঞ্চলিক / অগপ-বিজেপিয়ে বিদেশী সমস্যাক জীয়াই ৰাখি ৰাজনীতি কৰিব বিচাৰিছে : কংগ্ৰেছৰ অভিযোগ

অগপ-বিজেপিয়ে বিদেশী সমস্যাক জীয়াই ৰাখি ৰাজনীতি কৰিব বিচাৰিছে : কংগ্ৰেছৰ অভিযোগ

ষ্টাফ ৰিপ’ৰ্টাৰ, ৰৰ ছেপ্টেম্বৰ : এন আৰ চি সন্দৰ্ভত পুনৰবাৰ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। বিজেপিৰ শেহতীয়া স্থিতিক লৈ সৰৱ হৈ পৰিছে দলটো। আজি ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই কয় যে বিজেপিয়ে কেৱল ভোটৰ স্বাৰ্থত বিদেশী খেদাৰ কথা কয়। এফালে এজনো বিদেশী থাকিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰে, আনফালে ‘কেব’ আনিব বিচাৰিছে অমিত শ্বাহে। সমস্ত বিষয়টোক লৈ লুটিবাগৰ মাৰি আছে বিজেপিয়ে। ৰিপুন বৰাই অমিত শ্বাহক কটাক্ষ কৰি কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে সাপ হৈ খুঁটিছে আৰু বেজ হৈ জাৰিছে। এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ সময়ত অমিত শ্বাহে সংসদৰ মজিয়াত ক্ৰেডিট লৈ সদম্ভৰে ঘোষণা কৰিছিল যে এন আৰ চিৰ জৰিয়তে ৪০ লাখ বাংলাদেশী চিনাক্ত কৰিছে। কেৱল বিজেপিয়েহে এন আৰ চি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

সকলো বিদেশীকে খেদি পঠিওৱা হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু এতিয়া চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱাৰ পিছত অমিত শ্বাহৰ লগতে ৰাজ্যিক বিজেপিয়ে বিষয়টোক লৈ লুটিবাগৰ মাৰিছে। এতিয়া বিজেপিয়ে কিয় এন আৰ চিৰ বাবে ক্ৰেডিট নলয় বুলি কটাক্ষ কৰে ৰিপুন বৰাই। এন আৰ চিক লৈ বিজেপিৰ দুমুখীয়া চৰিত্ৰ পোহৰলৈ আহিছে বুলি উল্লেখ কৰি আৰু কয় যে বিদেশী সমস্যাটোৰ অগপ আৰু বিজেপিয়ে কেতিয়াও সমাধান নিবিচাৰে। বিদেশীৰ ইছ্যু জীয়াই ৰাখি ৰাজনীতি কৰিব বিচাৰিছে। তেওঁ লগতে আৰু কয় যে চূড়ান্ত এন আৰ চিত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিছে। লাখ লাখ ভাৰতীয় নাগৰিক চূড়ান্ত এন আৰ চিৰ পৰা বঞ্চিত হৈছে।

যদি বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে তেন্তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি ৰিপুন বৰাই আৰু কয় যে ৭য৮বাৰকৈ এজন এজন মানুহক বিভিন্ন ঠাইত শুনানিৰ বাবে মতাৰ পিছতো যদি বিদেশীৰ নাম সোমাইছে তেনেহ’লে ইয়াৰ বাবে বিজেপি চৰকাৰ দায়ী। ইফালে নেডাৰ বৈঠকত অমিত শ্বাহে কেব আনিব বুলি ঘোষণা কৰাৰ পিছত উত্তৰ-পূবৰ তিনিগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদ কৰাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অগপৰ সভাপতি অতুল বৰাই মৌন হৈ থকাটো লজ্জাজনক বুলিও আখ্যা দিয়ে। ইপিনে উক্ত সংবাদমেলত বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে কয় যে বিজেপি চৰকাৰখনে নিজে দায়িত্ব পালন নকৰি এতিয়া ৰাইজৰ ওচৰত প্ৰতীক হাজেলাক দোষী সাব্যস্ত কৰিব বিচাৰিছে। বিজেপিয়ে এন আৰ চি আৰম্ভ কৰিছে বুলি সকলোকে কৈ ফুৰিছিল।

কিন্তু এই বিজেপিয়ে আজি কৈছে— আমাৰ গাত দোষ নাই। প্ৰতীক হাজেলাই দোষ কৰিছে। তেওঁ লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ তদাৰকত এন আৰ চিৰ কাম হৈছে। নিজৰ ভোটৰ স্বাৰ্থত এতিয়া এন আৰ চিক লৈ ৰাজনীতি আৰম্ভ কৰিছে। আনহাতে এন আৰ চিৰ পৰা বাদ পৰা সকলো ভাৰতীয় নাগৰিকক সহায়ৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ এক অভিযান চলাব কংগ্ৰেছে। অভিযানত বিভিন্ন অঞ্চলৰ বাদ পৰা লোকসকলক পোনপটীয়াকৈ লগ কৰি তেওঁলোকক যথোচিত দিহা-পৰামৰ্শ আগবঢ়াব কংগ্ৰেছৰ ৫৭ জনীয়া দলটোৱে। অহা ১৩ ছেপ্টেম্বৰত দলটো ৰাজীৱ ভৱনৰ পৰা তিনিচুকীয়ালৈ ৰাওনা হ’ব। যেতিয়ালৈকে বাদ পৰা ভাৰতীয় লোকৰ শেষজনৰ নাম এন আৰ চিত নাহে, তেতিয়ালৈকে কংগ্ৰেছে সহায় কৰি যাব বুলি সভাপতি ৰিপুন বৰাই ঘোষণা কৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )