শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাজ্যত মেট্ৰিকৰ ভুৱা মাৰ্কশ্বিট, চাৰ্টিফিকেটৰ অবাধ বেহাঃ নকল চাৰ্টিফিকেট চক্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ ছেবাৰ

ৰাজ্যত মেট্ৰিকৰ ভুৱা মাৰ্কশ্বিট, চাৰ্টিফিকেটৰ অবাধ বেহাঃ নকল চাৰ্টিফিকেট চক্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ ছেবাৰ

দুজনৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ ছেপ্টেম্বৰ : ৰাজ্যত অবাধ হাৰত অসম মাধ্যমিক শিক্ষা পৰিষদৰ ভুৱা নকল চাৰ্টিফিকেট আৰু মাৰ্কশ্বীটৰ ব্যৱসায় চলি থকাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। স্বয়ং ছেবাৰ তদন্তত এই বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে বিভিন্ন সময়ত মেট্ৰিক অনুত্তীৰ্ণ শিক্ষাৰ্থীক চল-চক্ৰান্তৰে ব’ৰ্ডত থকা সূত্ৰৰ যোগেদি উত্তীৰ্ণ কৰি দিব বুলি প্ৰলোভন দি শকত হাৰত ধন লৈ ভুৱা প্ৰমাণ-পত্ৰ আৰু চাৰ্টিফিকেট প্ৰদান কৰি আহিছে এনে চক্ৰই। পৰৱৰ্তী পৰ্যায়ত হাই¦³¨ল-হাইমাদ্ৰাছাত উত্তীৰ্ণ হোৱা এনে ভুৱা চাৰ্টিফিকেটেৰে উচ্চতৰ মাধ্যমিক, কনিষ্ঠ মহাবিদ্যালয় আৰু মহাবিদ্যালয়ত নামভৰ্তি কৰি পাঠ গ্ৰহণ কৰিবলৈ আহে। কিন্তু এই নথিসমূহৰ ভিত্তিত পঞ্জীয়নৰ বাবে পৰৱৰ্তী সময়ত শিক্ষা প্ৰতিষ্ঠানসমূহে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত তথা ছেবালৈ পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰাৰ পিছতে ওলাই পৰে এনেধৰণৰ জালিয়াতি।

উল্লেখ্য যে ছেবাৰ বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি ৰাজ্যত চলি থকা এনে ভুৱা চাৰ্টিফিকেট চক্ৰৰ পৰা প্ৰমাণ-পত্ৰ লাভ কৰি নামভৰ্তি কৰিবলৈ অহাৰ ঘটনা ছেবাৰ চকুত পৰিছে আৰু ইয়াৰ পিছতে এই ভুৱা চক্ৰসমূহক চিনাক্ত কৰাৰ বাবে তদন্ত আৰম্ভ কৰা হয়। শেহতীয়াভাৱে গোৱালপাৰা বৰবলা হাই¦³¨লৰ এগৰাকী কৰ্মচাৰীয়ে এনেদৰে ভুৱা প্ৰমাণ-পত্ৰ আৰু চাৰ্টিফিকেটৰ বৃহৎ ব্যৱসায় চলাই অহা বুলি নিশ্চিতি লাভ কৰে ছেবাই। আনহাতে বিশ্বনাথতো নিয়ৰকণা বৰা নামৰ লোক এজনে এই ব্যৱসায় চলাই থকাৰ তথ্য লাভ কৰে ছেবাই। শেহতীয়াভাৱে ছেবাই এই সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা

এনে জাল প্ৰমাণ-পত্ৰ আৰু মাৰ্কশ্বীটৰ চক্ৰক চিনাক্ত কৰি উৎখাতৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে। ইতিমধ্যে ছেবাৰ নামত ভুৱা প্ৰমাণ-পত্ৰ আৰু চাৰ্টিফিকেট প্ৰদান কৰা বৰবলাৰ য়াছমিন বেগম নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে আগিয়া থানাত ছেবাই গোচৰ ৰুজু কৰাৰ লগতে বিশ্বনাথত নিয়ৰকণাৰ বিৰুদ্ধেও আৰক্ষীৰ কাষ চাপিছে। ছেবাৰ নামত ৰাজ্যজুৰি একাংশ লোকে চলাই থকা জাল চাৰ্টিফিকেটৰ বেহা সম্পূৰ্ণৰূপে উৎখাত কৰাৰ বাবে একপ্ৰকাৰে যুদ্ধংদেহি তৎপৰতা গ্ৰহণ কৰিছে মাধ্যমিক শিক্ষা পৰিষদে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )