শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশেষ নিউজ ৰিপ’ৰ্ট | অসমত কৰ্তন কৰা হৈছে লাখ লাখ হিন্দু বঙালীৰ নাম : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বাদ পৰা ১৯লাখৰ ১২ লাখেই হিন্দু বঙালী : মমতা বেনাৰ্জী

বিশেষ নিউজ ৰিপ’ৰ্ট | অসমত কৰ্তন কৰা হৈছে লাখ লাখ হিন্দু বঙালীৰ নাম : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বাদ পৰা ১৯লাখৰ ১২ লাখেই হিন্দু বঙালী : মমতা বেনাৰ্জী

কলকাতা, ১২ ছেপ্টেম্বৰ : ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতেই সৰৱ হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। চূড়ান্ত তালিকা প্ৰকাশৰ দিন ধৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনআৰচিৰ বিৰুদ্ধে গৰজি আছে। এনে সময়ছোৱাতেই আজি এনআৰচিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে ৰাজ্যখনত প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত উত্তৰ কলকাতাৰ ছিন্থিত বিয়লি ৩ বজাত এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আজি বিয়লি ৩ বজাত তৃণমূল কংগ্ৰেছে কলকাতাৰ ছিন্থিৰ পৰা তিনি কিলোমিটাৰ এনআৰচিৰ বিৰুদ্ধে পদযাত্ৰা উলিয়ায়। উল্লেখ্য যে ইতিমধ্যে ৰাজ্যখনত তৃণমূল কংগ্ৰেছে যোৱা ৭ আৰু ৮ ছেপ্টেম্বৰত এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি পুনৰ এনআৰচিৰ বিৰুদ্ধে গৰজি উঠি তৃণমূল কংগ্ৰেছে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

এনআৰচিৰ পৰা বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰাৰ কথা উল্লেখ কৰি মমতা বেনাৰ্জীয়ে আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত সন্তুষ্ট নহয় হিন্দু, মুছলমান, শিখ আৰু খ্ৰীষ্টান। তেওঁ প্ৰতিবাদী সমদলত অংশ লোৱা লোকসকলক সম্বোধন কৰি কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ভিতৰত ১২ লাখ হিন্দু আছে। তেওঁ আৰু কয়- বাদ পৰা ১৯ লাখৰ ভিতৰত ১ লাখ গোৰ্খা সম্প্ৰদায়ৰ লোক। এনআৰচিৰ পৰা লাখ লাখ হিন্দু বাঙালী বাদ পৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বৈধ নথি-পত্ৰ দিয়াৰ পিছতো চূড়ান্ত নাগৰিকপঞ্জীৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বাঙালী সম্প্ৰদায়ৰ লোকক।

বৈধ নাগৰিকক অবৈধ সজোৱা হৈছে এনআৰচিত। আনহাতে তেওঁ কয় যে এনআৰচি পশ্চিমবংগতো উন্নীতকৰণ কৰিব বিচাৰিছে বিজেপিয়ে। পশ্চিমবংগত বিজেপিয়ে এনআৰচি উন্নীতকৰণ কৰিব বিচাৰিছে যদিও কোনো কাৰণতেই উন্নীতকৰণ কৰিবলৈ দিয়া নহ’ব ৰাজ্যত এনআৰচি। অসম হ’বলৈ দিয়া নহ’ব পশ্চিমবংগক। ভোট বেংকৰ স্বাৰ্থতেই পশ্চিমবংগতো বিজেপিয়ে এনআৰচি উন্নীতকৰণ কৰিব বিচাৰিছে বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে চূড়ান্ত নাগৰিকপঞ্জী তালিকাৰ পৰা ১৯ লাখ লোক বাদ পৰাৰ পিছতেই পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনআৰচিৰ বিৰুদ্ধে সৰৱ হৈ আছে। চূড়ান্ত নাগৰিকপঞ্জীৰ পৰা হিন্দু বাঙালী বাদ পৰাৰ অভিযোগ তুলি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনআৰচিৰ বিৰুদ্ধে গৰজি আছে। ইমানেই নহয়, এনআৰচিক লৈ এটাৰ পিছত আন এটাকৈ বিস্ফোৰক মন্তব্য প্ৰদান কৰি আহিছে মমতা বেনাৰ্জীয়ে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )