শেহতীয়া খবৰ
Home / Uncategorized / দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাঃ এবিভিপি তিনি, এনএচইউআই এক আসনত জয়লাভ

দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাঃ এবিভিপি তিনি, এনএচইউআই এক আসনত জয়লাভ

ডিজিটেল সংবাদ, নতুন দিল্লীঃ দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণৰ ফলাফল শুক্ৰবাৰে ঘোষণা কৰে৷ নিৰ্বাচনত চাৰিটা আসনৰ ফলাফলত আৰএছএছৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থীয়ে তিনিটা আসন দখল কৰিবলৈ সক্ষম হয়৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এনএছইউআইয়ে মাত্ৰ এখন আসনত জয়লাভ কৰে৷ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ চাৰিটা আসনৰ বিপৰীতে ১৬ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ নিৰ্বাচন অনুষ্ঠিত হোৱা পদসমূহ হ’ল ক্ৰমে- সভাপতি, উপ সভাপতি, সাধাৰণ সম্পাদক আৰু সহকাৰী সাধাৰণ সম্পাদক৷

নিৰ্বাচনত এবিভিপিৰ প্ৰাৰ্থীসকল আছিল ক্ৰমে সভাপতি পদত অক্ষীত দাহিয়া, উপ সভাপতি পদত প্ৰদীপ তনৱাৰ, সাধাৰণ সম্পাদক আৰু সহকাৰী সাধাৰণ সম্পাদক পদত ক্ৰমে যোগীত ৰাথি আৰু শিবাঙ্গী খাৰৱাল৷ ইয়াৰে যোগীত ৰাথি বাহিৰে বাকী তিনিগৰাকীয়ে বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ ইফালে এনএছইউআই প্ৰাৰ্থীসকল আছিল ক্ৰমে সভাপতি পদত চেতনা ত্যাগী, উপ সভাপতি পদত অঙ্গীত ভাৰতী, সাধাৰণ সম্পাদক আৰু সহকাৰী সাধাৰণ সম্পাদক পদত ক্ৰমে আশিস লাম্বা আৰু অভিষেশ চাপৰানা৷ ইয়াৰে ভিতৰত সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী গৰাকীয়েহে কেৱল জয়লাভ কৰিবলৈ সক্ষম হয়৷