শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / স্মাৰ্টফোনৰ সৈতে সংযোগ কৰিব পৰা যাব নতুন টিভিএছ স্কুটী

স্মাৰ্টফোনৰ সৈতে সংযোগ কৰিব পৰা যাব নতুন টিভিএছ স্কুটী

 

ডিজিটেল সংবাদ, নতুন দুল্লীঃ স্মাৰ্টফোন কানেকটিভিটি সহ নতুন স্কুটাৰ লঞ্চ কৰিলে আগশাৰী দুচকীয়া বাহন নিৰ্মাতা কোম্পানী টিভিএছয়ে৷ কোম্পানীটোৰ সবাতোকৈ জনপ্ৰিয় ১০০ চিচি ইঞ্জিনযুক্ত স্কুটীৰ জুপিটাৰ গ্ৰেণ্ডী স্কুটীত স্মাৰ্টফোন সংযোগৰ সুবিধা অন্তৰ্ভূক্ত কৰা হ’ল৷ নতুন টিভিএছ জুপিটাৰ গ্ৰেণ্ডী স্কুটীৰ এক্স শ্বোৰ’ম দাম ৫৯,৯০০ টকা৷ জুপিটাৰ গ্ৰেণ্ডী স্কুটীত এনড্ৰোয়েড আৰু আইঅ’এছ স্মাৰ্টফোন সংযোগ কৰিব পৰা যাব৷ যাৰ জৰিয়তে ট্ৰিপ ৰিপো’ৰ্ট, অভাৰ স্পীড এলাৰ্ট লগতে স্মাৰ্টফোনত ইনকামিং কল আৰু মেছেজৰ নোটিফিকেচনো চাব পৰা যাব৷