শেহতীয়া খবৰ
Home / আঞ্চলিক / শিক্ষাৰ অধিকাৰ বিচাৰি উত্তাল নলবাৰীৰ ক্ষুদ্ৰ কটলাঃ ৰাজপথত নামিল শিক্ষাৰ্থী

শিক্ষাৰ অধিকাৰ বিচাৰি উত্তাল নলবাৰীৰ ক্ষুদ্ৰ কটলাঃ ৰাজপথত নামিল শিক্ষাৰ্থী

ষ্টাফ ৰিপ’ৰ্টাৰ, নলবাৰীঃ শিক্ষাক বাধ্যতামূলক কৰাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়নৰ নামত কৌটি কৌটি টকা ব্যয় কৰাৰ সময়তে শিক্ষাৰ অধিকাৰ বিচাৰি আজি  উত্তাল হৈ পৰিল নলবাৰীৰ  ক্ষুদ্ৰ  কটৰা  গাওঁ৷ ‘আমাক শিক্ষক  লাগে’ ধ্বনিৰে  প্ৰতিবাদ মুখৰ হল ক্ষোভিত  ৰাইজ। উল্লেখ্য যে, নলবাৰী জিলাৰ ক্ষুদ্ৰ কটৰা প্ৰাথমিক বিদ্যালয়ৰ  ছয়টা শ্ৰেণীৰ বিপৰীতে সত্তৰ গৰাকী  ছাত্ৰ-ছাত্ৰী আছে৷ বিদ্যালয়ৰ উৱলি যোৱা পানী পৰা গৃহতেই কন কন ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰি গৈছে শিক্ষা৷ এইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবছৰে লাভ কৰি আহিছে বৃত্তি। বিদ্যালয়খনে গুনোৎসৱত দুবাৰকৈ পালে “এ” প্লাছ৷ কিন্তু  সম্প্ৰতি  বিদ্যালয়লৈ অন্ধকাৰ নামি আহিছে৷ কাৰণ ছয়টা শ্ৰেণী  থকা  এইখন  প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ সংখ্যা  মাত্ৰ দুজন৷ এজনে চাৰিটা শ্ৰেণীত একেলগে পাঠদান কৰে আৰু আন জনে দুটা শ্ৰেণীক একেলগে পাঠদান  কৰে৷ ইপিনে প্ৰধান  শিক্ষয়িত্ৰী গৰাকীও ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিব৷ শিক্ষকৰ বাবে স্থানীয় ৰাইজে বাৰম্বাৰ আবেদন কৰিলে যদিও কোনো কাম নহ’ল। স্থানীয় বিধায়ক অশোক শৰ্মাকো সাক্ষাৎ কৰি সমস্যাৰ বিষয়ে অৱগত কৰাৰ পিছতো সেয়া বুমেৰাঙত পৰিণত হ’ল৷ ৰাইজে কৰা অভিযোগ অনুসৰি, বিভাগীয়  ভাবে  এই বিদ্যালয়ত নিযুক্তি দিয়া এগৰাকী  শিক্ষকক হেনো অন্য বিদ্যালয়লৈ নিলে বিধায়কে।  বিদ্যালয়ত এতিয়া  নাই পৰ্যাপ্ত  শিক্ষক। অৱশেষত উপায়ন্তৰ হৈ আজি স্থানীয় ৰাইজে ৰাজ পথ উত্তাল  কৰিলে । আনহে নালাগে স্বয়ং কণমানি ছাত্ৰ-ছাত্ৰীয়ে  “আমাক শিক্ষক লাগে” প্লে  কাৰ্ডলৈ প্ৰতিবাদ কৰে। এইদৰে বিভিন্ন  শ্লোগান দি পৰিবেশ উত্তাল  কৰাৰ লগতে অতি শীঘ্ৰেই এই গুৰুত্বপূৰ্ণ বিদ্যালয়খনত কমেও চাৰিগৰাকী শিক্ষকক মকৰল কৰাৰ দাবী উত্থাপন কৰি।এতিয়া    এই বিদ্যালয়ৰ সমস্যাৰ প্ৰতি  চৰকাৰে কিমান গুৰুত্ব দিয়ে সেয়াহে লক্ষ্যণীয় হৈ পৰিছে।