শেহতীয়া খবৰ
Home / আঞ্চলিক / বিজেপি নেতা মমিনুল আৱালৰ সৈতে আমছুৰ গোপন সম্পৰ্ক ঃ আছুক উভতি ধৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিমৰ সৰকাৰে

বিজেপি নেতা মমিনুল আৱালৰ সৈতে আমছুৰ গোপন সম্পৰ্ক ঃ আছুক উভতি ধৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিমৰ সৰকাৰে

সঞ্জয় সৰকাৰ, কাজলগাঁওঃ বিজেপি নেতা মমিনুল আৱালৰ সৈতে আমছুৰ গোপন সম্পৰ্ক থকা বুলি কালি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কৰা মন্তব্যক আজি উভতি ধৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)ৰ সভাপতি ৰেজাউল কৰিমৰ সৰকাৰে। চিৰাং জিলাৰ বৰতালোৱাস্থিত কাজলগাঁও প্ৰেছ ক্লাবত আজি দুপৰীয়া ১ বজাত অনুষ্ঠিত এক সংবাদমেলত আমছুৰ সভাপতি গৰাকীয়ে কয় যে , “যিজন মানুহৰ সংখ্যালঘু সমাজ জীৱনৰ লগত কোনো সম্পৰ্ক নাই, যিজন মানুহে কেৱল টকা আৰু ক্ষমতাৰ বাবে বিজেপিৰ ওচৰত দালালি কৰি আছে, যিজন মানুহে সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত হৈ থকা ইমান অত্যাচাৰৰ পিছতো কোনো মাত মতা নাই সেইজন জাতিদ্ৰোহী ব্যক্তিৰ সৈতে আমছুৰ কোনো সম্পৰ্ক নাই। আৱাল ডাঙৰীয়া আছুৰহে এগৰাকী প্ৰাক্তন সদস্য । গতিকে তেনে এগৰাকী নেতাই আছুক কিবা কৈছে যদি সেয়া ভিত্তিহীন। ইয়াৰ লগত আমছুৰ কোনো সম্পৰ্ক নাই। এয়া আছুৰ পৰিয়ালৰ কথা বুলিও আমছু নেতাগৰাকীয়ে লগতে লুৰিণজ্যোতি গগৈক কটাক্ষ কৰে। কেৱল টকা আৰু ক্ষমতাৰ বাবে যিগৰাকী খেদা খোৱা নেতাই হকে বিহকে নিজৰ জাতিৰ লোকৰ  বিৰুদ্ধে সঘনাই মন্তব্য দি থাকে তেনে নিম্নখাপৰ নেতাৰ লগত আমছুক সাঙুৰি নল’বলৈ সভাপতি সৰকাৰে আছুক আহ্বান জনায়৷