শেহতীয়া খবৰ
Home / আঞ্চলিক / কলগাছিয়াত উপ কোষাগাৰৰ কাৰ্যালয় স্থাপনৰ দাবীত মুখ্যমন্ত্ৰীক সাক্ষাৎঃ স্মাৰক পত্ৰ প্ৰদান

কলগাছিয়াত উপ কোষাগাৰৰ কাৰ্যালয় স্থাপনৰ দাবীত মুখ্যমন্ত্ৰীক সাক্ষাৎঃ স্মাৰক পত্ৰ প্ৰদান

ডিজিটেল সংবাদ কলগাছিয়াঃ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ এলেকাৰ কলগাছিয়াত উপ কোষাগাৰৰ কাৰ্যালয় স্থাপনৰ দাবীত আজি বৰপেটাৰ সাংসদ আব্দুল খালেকৰ নেতৃত্বত  ১৪ জনীয়া এটি সজাতি দল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে অসম চৰকাৰৰ বিত্ত বিভাগে যোৱা ২ আগষ্টত বিবি ৯০৬৬০/২০১৯/০৬ (বি এছ) নং ঘোষণা যোগে কলগাছিয়া ৰাজহ চক্ৰৰ ২ লাখ ৫০ হাজাৰ জনসংখ্যাৰ এশৰো অধিক গাৱৰ সম্পুৰ্ণ এলেকা সৰভোগত নতুনকৈ স্থাপিত উপ কোষাগাৰ কাৰ্যালয়ৰ লগত চামিল কৰাত উক্ত বৃহত্তৰ অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজক আৰ্থিক লেনদেনৰ ক্ষেত্ৰত অধিক অসুবিধাত পৰিবলগীয়া হৈছে।
উল্লেখনীয় যে উক্ত চামিলকৰণৰ আগতে বৰপেটা জিলা সদৰত অৱস্হিত মুখ্য কোষাগাৰ কাৰ্যালয়ৰ লগত কলগাছিয়া ৰাজহ চক্ৰ এলেকা সন্নিবিষ্ট আছিল। কিন্তু চৰকাৰৰ এই নতুন সিদ্ধান্তৰ ফলত চৰচাপৰিৰে ভৰপুৰ যাতায়ত ব্যৱস্থা বিচ্ছিন্ন  কলগাছিয়া ৰাজহ চক্ৰৰ বৃহত্তৰ এলেকাৰ সৰ্বস্তৰৰ ৰাইজৰ বৰপেটা জিলাৰ একেবাৰে উত্তৰত বড়োলেণ্ড সীমান্ত সংলগ্নত অৱস্হিত সৰভোগ উপ কোষাগাৰ কাৰ্যালয়ৰ লগত আৰ্থিক লেন-দেন কৰা যে বিশেষ অসুবিধা হৈছে তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এই প্ৰসংগত উল্লেখযোগ্য যে কলগাছিয়াত উপ কোষাগাৰ স্থাপনৰ পুৰণি দাবীৰ সপক্ষে সাংসদ আব্দুল খালেকেও  মুখ্যমন্ত্ৰী লৈ লিখা এখন চিঠি উক্ত স্মাৰক পত্ৰ প্ৰদানৰ সময়ত সজাতি দলটোৱে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে। কলগাছিয়াত উপ কোষাগাৰৰ কাৰ্যালয় স্থাপন প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ইতিবাচক সঁহাৰি প্ৰদান কৰে।
ইফালে এন আৰ চি সন্দৰ্ভতো কোনো ভাৰতীয় লোক যাতে হাৰাশাস্তি  নহয় তাৰ বাবে সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰে। মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰা সজাতি দলটোত উপস্থিত থাকে ক্ৰমে বৰপেটাৰ সাংসদ আব্দুল খালেক, কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য এম মোজাম্মিল হুছেইন, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল লতিফ, বৰপেটা জিলা পৰিষদৰ উপ সভাপতি তথা আমছুৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সভাপতি ছামচুল হক,  কলগাছিয়া, বৰভিটা জিলা পৰিষদৰ সদস্যা ক্ৰমে  মহেলা খাতুন, হাসৰা খাতুন, নিউজ লাইভৰ বিশিষ্ট সাংবাদিক তথা কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ সভাপতি হাজী আব্দুল হাই, ৰূপসী আন্চলিক পন্চায়তৰ সভাপতি জাকিৰ হুছেইন, বিশিষ্ট সমাজ কৰ্মী আতোৱাৰ ৰহমান, আব্দুছ ছালাম, আজগৰ আলী আহমেদ,অধ্যাপক ড০ ইউছুফ আলী আহমেদ, চন্দ্ৰকান্ত আৰ্য্য, খন্দকাৰ আস্ৰফুল মামুন, চান মাহমুদ আহমেদ উপস্থিত থাকে ।