শেহতীয়া খবৰ
Home / আঞ্চলিক / উত্তৰ গুৱাহাটীৰ ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ উদ্যোগত হিন্দী দিৱস উদযাপন

উত্তৰ গুৱাহাটীৰ ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ উদ্যোগত হিন্দী দিৱস উদযাপন

পঙ্কজ নাথ, চাংসাৰিঃ প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ ১৪ তাৰিখে ভাৰতবৰ্ষত হিন্দী পালন পালন কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিততে আজি উত্তৰ গুৱাহাটীটো ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ, উত্তৰ পূৱ ক্ষেত্ৰৰ উদ্যোগত হিন্দী দিৱস উদযাপন কৰা। বিয়লি ৪ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক কাৰ্যসূচীত সংগীত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে দেশভক্তিমূলক আৰু ভক্তিমূলক গীত পৰিবেশন কৰে। সভাত মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে  ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ উত্তৰ পূব ক্ষেত্ৰৰ সঞ্চালিকা ঋশ্বা নেগী। সভাত কেইবাগৰাকী বিশিষ্ট অতিথি  উপস্থিত থাকে  গুৰু দ্ৰোণ ভূঞা, ফুকন চন্দ্ৰ তালুকদাৰ প্ৰ্শাসনিক বিষয়া, জগদীশ শৰ্মা উপপ্ৰধান আচাৰ্য উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন, মুকুটেশ্বৰ গোস্বামী সম্পাদক উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন। সভাত বক্তব্য  ৰাখি বিশিষ্ট ব্যক্তি সকলে হিন্দী দিৱসৰ তাৎপৰ্য সুন্দৰ ভাবে উপস্হাপন কৰে । আজিৰ এই অনুষ্ঠানৰ আত ধৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক ডঃ হুপেশ চৌধুৰীয়ে। আজিৰ এই অনুষ্ঠানখনি ৰাগশ্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকুমনি চৌধুৰীৰ এটি দেশপ্ৰেমমূলক গীতৰে সম্পন্ন কৰা হয় বুলি জানিব পৰা গৈছে।