শেহতীয়া খবৰ
Home / আঞ্চলিক / বিমুদ্ৰাকৰণৰ পিছতো দেশত হোৰাহোৰে নকল নোটৰ প্ৰচলন

বিমুদ্ৰাকৰণৰ পিছতো দেশত হোৰাহোৰে নকল নোটৰ প্ৰচলন

২০১৮-১৯ ত ধৰা পৰিল ৰিজাৰ্ভ বেংকত ৫.৬ শতাংশ , অন্য বেংকত ৯৪.৪ শতাংশ নকল নোট

১০ টকীয়া নোট ২০.২ শতাংশ, ২০ টকীয়া নোট ৮৭.২ শতাংশ, ৫০ টকীয়া নোট ৫৭.৩শতাংশলৈ বৃদ্ধি নকল নোট

নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ : দেশৰ অৰ্থব্যৱস্থাত ভয়ংকৰ আঘাত হনা নকল নোটৰ প্ৰচলন ৰোধ কৰাৰ উদ্দেশ্যৰে ২০১৬ৰ ৮ নৱেম্বৰৰ নিশা দেশত প্ৰচলন হৈ থকা পুৰণি ৫০০ আৰু ১,০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশত বিমুদ্ৰাকৰণৰ ঘোষণা কৰাৰ পিছতো নকল নোটৰ প্ৰচলন হ্ৰাস নহ’ল ভাৰতত। বৰ্তমানো দেশত নকল নোটৰ প্ৰচলন অব্যাহত আছে। বিমুদ্ৰাকৰণৰ ঘোষণাৰ সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে ভাৰতত হ্ৰাস পাব নকল নোটৰ প্ৰচলন। একপ্ৰকাৰ নকল নোটৰ প্ৰচলন ভাৰতত বন্ধ হৈ যোৱাৰ কথা প্ৰকাশ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিন্তু আজিলৈ দেশত নকল নোটৰ প্ৰচলন হ্ৰাস পোৱা নাই। পূৰ্বৰ তুলনাত দেশত নকল নোটৰ প্ৰচলন বৃদ্ধিহে পাবলৈ ধৰিছে। যাৰ বাবে বিমুদ্ৰাকৰণে কোনো ধৰণে প্ৰভাৱ পেলাব নোৱাৰিলে নকল নোটৰ প্ৰচলনত।

২০১৮-১৯ বৰ্ষত ভাৰতীয় ৰিজাৰ্ভ বেংকে ৫.৬ শতাংশ আৰু অন্যান্য বেংকে ৯৪.৪ শতাংশ নকল নোট প্ৰচলন হৈ থকা ধৰা পেলাইছিল। শেহতীয়াকৈ ৰিজাৰ্ভ বেংকে ২০১৮-১৯ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰি এই কথা উল্লেখ কৰাৰ লগতে এইবুলিও প্ৰতিবেদনত উল্লেখ আছে যে ২০১৭-১৮ বৰ্ষত ১০ টকীয়া নকল নোট ২০.২ শতাংশ, ২০ টকীয়া নোটক ৮৭.২ শতাংশ আৰু ৫০ টকীয়া নকল নোট ৫৭.৩ শতাংশলৈ বৃদ্ধি পাইছিল। লগতে প্ৰতিবেদনত এই কথাও প্ৰকাশ কৰিছে যে ২০১৭-১৮ত ১০ টকীয়া নকল নোট ২৮৭খন, ২০টকীয়া নোট ৪৩৭খন, ৫০ টকীয়া নোট ২৩,৪৪৭খন জব্দ কৰিছিল। কিন্তু ২০১৮-১৯ত ১০ টকীয়া নকল নোট ৩৪৫খন, ২০ টকীয়া ৮১৮খন আৰু ৫০ টকীয়া নোট ২,২২,২১৮খন জব্দ কৰিছিল। ইয়াৰ পূৰ্বে অৰ্থাৎ ২০১৬-১৭ত ১০ টকীয়া নকল নোট ৫২৩খন, ২০ টকীয়া নোট ৩২৪খন, ৫০ টকীয়া নকল নোট ৯,২২২খন বেংকে ধৰা পেলাইছিল।

উল্লেখযোগ্য যে ২০১৬-১৭ বৰ্ষত এশ টকীয়া নকল নোটৰ প্ৰচলন ১,৭৭,১৯৫খন হৈ থকাৰ কথা ধৰা পেলাইছিল। কিন্তু ২০১৮-১৯ বৰ্ষত এশ টকীয়া নকল নোটৰ প্ৰচলন ২৫ শতাংশলৈ বৃদ্ধি পায়। ২০১৭ৰ আগষ্টত ২০০ টকীয়া নকল নোটৰ প্ৰচলন ধৰা পেলাইছিল ৰিজাৰ্ভ বেংকে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০১৭-১৮ৰ তথ্য অনুসৰি বিমুদ্ৰাকৰণৰ ৭ মাহৰ পিছতেই দেশত ২০০ টকীয়া নকল নোট ৭৯খন ধৰা পেলোৱা হৈছিল। ২০১৭-১৮ৰ তুলনাত ২০১৮-১৯ত দুশ টকীয়া নকল নোটৰ প্ৰচলন দেশত অভাৱনীয় হাৰত বৃদ্ধি পায়। কিয়নো ২০১৮-১৯ত দুশ টকীয়া নকল নোট প্ৰচলন ১২,৭২৮খন হৈ থকাৰ কথা ধৰা পেলায় ৰিজাৰ্ভ বেংকে। এইদৰে এবছৰৰ ভিতৰত বেংকে দুশ টকীয়া নকল নোটৰ প্ৰচলন ১৬১ শতাংশলৈ বৃদ্ধি পোৱাৰ কথা ধৰা পেলায়। একেদৰে ৫০০ টকীয়া নকল নোটৰ প্ৰচলনো দেশত বৃদ্ধি পাইছে।

২০১৭-১৮ত পাঁচশ টকীয়া নকল নোটৰ প্ৰচলন ৯,৮৯২খন ধৰা পেলাইছিল যদিও ২০১৮-১৯ত ইয়াৰ সংখ্যা ২২১ শতাংশ বৃদ্ধি পাই হয়গৈ ২১,৮৬৫খন। উল্লেখ্য যে ২০১৬ৰ ৮ নৱেম্বৰত দেশত বিমুদ্ৰাকৰণৰ ঘোষণা কৰি ভাৰতৰ বজাৰত মুকলি কৰিছিল ২০০ টকীয়া নোট। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ২০১৭-১৮ বৰ্ষত ২,০০০ টকীয়া নকল নোটৰ প্ৰচলন ১৭,৯২৯খন হোৱাৰ কথা ধৰা পেলাইছিল। কিন্তু ২০১৮-১৯ত ২,০০০ টকীয়া নকল নোটৰ প্ৰচলন ২১.৯ শতাংশলৈ বৃদ্ধি পায় বুলি উল্লেখ কৰিছে ৰিজাৰ্ভ বেংকে। ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি ২০১৮-১৯ বৰ্ষত ২,০০০ টকীয়া নকল নোটৰ প্ৰচলন ২১,৮৪৭খন হোৱাৰ কথা ধৰা পেলায়। উল্লেখ্য যে বিমুদ্ৰাকৰণৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছিল যে ইয়াৰ ফলত দেশত ক’লা ধন, জাল নোট, নগদ ধনৰ লেনদেনৰ প্ৰচলন হ্ৰাস পাব বুলি উল্লেখ কৰিছিল। কিন্তু বিমুদ্ৰাকৰণৰ ঘোষণাৰ পিছতো দেশত হ্ৰাস নাপালে ক’লা ধন, জাল নোট আৰু নগদ ধনৰ লেনদেনৰ প্ৰচলন।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )