শেহতীয়া খবৰ
Home / আঞ্চলিক / এন আৰ চি বিষয়ক লৈ উত্তৰ পূবত কংগ্ৰেছী নেতাৰ সৈতে বৈঠক ছোনিয়া গান্ধীৰ

এন আৰ চি বিষয়ক লৈ উত্তৰ পূবত কংগ্ৰেছী নেতাৰ সৈতে বৈঠক ছোনিয়া গান্ধীৰ

গুৱাহাটীত উত্তৰ-পূব সমন্বয়ৰক্ষী কাৰ্যালয় স্থাপনৰ সিদ্ধান্ত

নতুন দিল্লী, ১৩ ছেপ্টেম্বৰ : ৰাজ্যজুৰি চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ বিষয়টোক লৈ আৰোপ-প্ৰত্যাৰোপৰ যঁুজখন চলি থকাৰ সময়ছোৱাতে উত্তৰ-পূবৰ কংগ্ৰেছী নেতাসকলৰ সৈতে এই বিষয়টোক লৈ বৈঠকত মিলিত হ’ল কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী। আজি দিল্লীত উত্তৰ-পূবৰ কংগ্ৰেছী নেতাসকলৰ সৈতে বিভিন্ন বিষয়ৰ লগতে এন আৰ চিৰ বিষয়টোক লৈ আলোচনাত মিলিত হয় কংগ্ৰেছৰ সভানেত্ৰীগৰাকী। এই বৈঠকত অংশ লয় উত্তৰ-পূবৰ শীৰ্ষ কংগ্ৰেছী নেতাৰ লগতে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰপ্ৰাপ্ত সচিব লুইজিনো ফেলেৰিঅ’। আজিৰ এই বৈঠকত লুইজিনো ফেলেৰিঅ’ৱে কয় যে তেওঁলোকে গুৱাহাটীত উত্তৰ সমন্বয়ৰক্ষী কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এককথাত উত্তৰ-পূবত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যৰে এই কাৰ্যালয় গুৱাহাটীত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ বৈঠকত কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং উপস্থিত থাকে। এই বৈঠকত উত্তৰ-পূবৰ কংগ্ৰেছী নেতাসকলে তেওঁলোকৰ সমস্যাসমূহ দাঙি ধৰে কংগ্ৰেছৰ সভানেত্ৰীৰ সন্মুখত। আজিৰ বৈঠকত এন আৰ চিৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈ আলোচনা কৰে উত্তৰ-পূবৰ কংগ্ৰেছী নেতাসকলৰ সৈতে ছোনিয়া গান্ধী আৰু মনমোহন সিঙে। আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোক লৈও আলোচনা কৰে আজিৰ বৈঠকত।

বৈঠকত উল্লেখ কৰা অনুসৰি কংগ্ৰেছে বিৰোধিতা কৰি যাব নাগৰিকত্ব সংশোধনী বিধেয়কৰ। এই বিধেয়কখন গৃহীত কৰিবলৈ বিজেপি উঠি-পৰি লাগিছে বুলি বৈঠকত উল্লেখ কৰে। যিহেতু নিৰ্বাচনী ঘোষণা-পত্ৰত এই বিধেয়কখন গৃহীত কৰাৰ কথা আছে। আজিৰ বৈঠকত উল্লেখ কৰা অনুসৰি ৰাজ্যসভাত তেওঁলোকে বিধেয়কখন গৃহীত কৰাত বাধা প্ৰদান কৰিছিল। অনাগত সময়ছোৱাতো বিধেয়কখনৰ বিৰোধিতা কৰি যাব বুলি আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছী নেতাসকলে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )