শেহতীয়া খবৰ
Home / আঞ্চলিক / ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক সুভাষিণী শংকৰণক বদলি

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক সুভাষিণী শংকৰণক বদলি

গণ বাৰ্তা বিশেষ, ডিব্ৰুগড়, ১৩ ছেপ্টেম্বৰ : বৰ্তমান সময়ত ডিব্ৰুগড়ত অপৰাধমূলক ঘটনা ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যোৱা ১০ ছেপ্টেম্বৰত মহৰমৰ জুলুসৰ নামত যি কাণ্ড ডিব্ৰুগড় নগৰত সংঘটিত হৈছিল তাৰ বাবে আইন-শৃংখলাৰ অধিক অৱনতি ঘটা পৰিলক্ষিত হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তাৎক্ষণিকভাৱে বদলি কৰা হৈছে আৰক্ষী অধীক্ষক সুভাষিণী শংকৰণক। তেওঁক 10 APBN লৈ বদলি কৰা হৈছে বুলি জানিব পৰা গৈছে। তেওঁৰ ঠাইত গৌতম বৰাক ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিয়া হৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )