শেহতীয়া খবৰ
Home / আঞ্চলিক / এনআৰচিত বাদ পৰা ১৯ লাখক লৈ উদ্বিগ্ন ঢাকা ঃ ৩ অক্টোবৰত ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

এনআৰচিত বাদ পৰা ১৯ লাখক লৈ উদ্বিগ্ন ঢাকা ঃ ৩ অক্টোবৰত ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : এনআৰচিৰ প্ৰসংগই এইবাৰ জোকাৰণিৰ সৃষ্টি কৰিছে বাংলাদেশত। বিশেষকৈ চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকক লৈ উদ্বিগ্ন হৈ পৰিছে ঢাকা। এনআৰচিৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা লাখ লাখ সন্দেহজনক লোকক বাংলাদেশ চৰকাৰে গ্ৰহণ কৰিব লাগিব নেকি সেই লৈ এতিয়া চিন্তিত হৈ পৰিছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰ। এনআৰচিৰ পৰা বাদ পৰা এই লাখ লাখ লোকক গ্ৰহণৰ যুক্তিযুক্ততা সন্দৰ্ভত আলোচনাৰ বাবে ৩ অক্টোবৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ভাৰতলৈ আহিব। তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। উক্ত বৈঠকত এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ প্ৰসংগই বিশেষভাৱে স্থান লাভ কৰিব।

নাম বাদ পৰা লোকসকলক বাংলাদেশ চৰকাৰে গ্ৰহণ কৰাৰ যুক্তিযুক্ততা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিব বৈঠকত। কেৱল এয়াই নহয়, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হ’বলগীয়া বৈঠকত ৰোহিংগ্যা শৰণাৰ্থীৰ প্ৰসংগই স্থান লাভ কৰিব বুলি জানিব পৰা গৈছে। ম্যানমাৰৰ পৰা পলায়ন কৰি বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰা ৰোহিংগ্যা শৰণাৰ্থীক তেওঁলোকৰ দেশলৈ ওভতাই পঠোৱাৰ ক্ষেত্ৰত ভাৰতৰ পৰা বাংলাদেশ চৰকাৰে সহায় বিচৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ২০১৮ চনৰ ডিচেম্বৰত বিপুল ব্যৱধানত জয়ী হৈ তৃতীয়বাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে শ্বেখ হাছিনা। একেদৰে চলিত বৰ্ষৰ জুন মাহত দ্বিতীয়বাৰৰ বাবে ঐতিহাসিক বিজয় সাব্যস্ত কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীয়ে। দুয়োখন চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইখনেই হ’ব প্ৰথমখন বৈঠক। বাংলাদেশৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে কেইবাটাও প্ৰকল্প হাতত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে উক্ত বৈঠকৰ অন্তত।

জানিব পৰা অনুসৰি ভাৰত ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে ৪ অক্টোবৰত বিশ্ব অৰ্থনৈতিক ফ’ৰামৰ ভাৰতীয় অৰ্থনৈতিক সন্মিলনত অংশগ্ৰহণ কৰিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। মন কৰিবলগীয়া যে অসমত বিদেশী সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিদেশী সমস্যাক লৈ দীৰ্ঘ বছৰ ধৰি বিভিন্ন ৰাজনৈতিক দলে কেৱল ৰাজনীতিহে কৰি আহিছে। শেহতীয়াকৈ এনআৰচিৰ তালিকা প্ৰকাশৰ পিছত ১৯ লাখ লোকৰ নাম বাদ পৰে। বিভিন্ন সময়ত অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি আহিছে যে অসমত অবৈধভাৱে বসবাস কৰি থকা লোকসকলক বাংলাদেশলৈ প্ৰেৰণৰ বাবে সেইখন চৰকাৰৰ সৈতে আলোচনা কৰা হ’ব।

একেদৰে যোৱা আগষ্ট মাহত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ঢাকালৈ ৰাওনা হৈছিল। সেই সময়তেই ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এ কে আব্দুল মমেনৰ সৈতে বৈঠকত মিলিত হৈছিল। উক্ত বৈঠকতেই জয়শংকৰে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীক অৱগত কৰিছিল যে অসমৰ অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয় ভাৰতৰ এক আভ্যন্তৰীণ বিষয়। মূলতঃ অবৈধ প্ৰব্ৰজনকাৰীক লৈ বিভিন্ন সময়ত বোকা ছটিওৱা ৰাজনীতি চলিছে।

চূড়ান্ত এনআৰচিৰ তালিকাৰ পৰা বাদ পৰা ১৯ লাখ লোকে পুনৰ আবেদন দাখিল কৰিব পাৰিব বিদেশী ন্যায়াধিকৰণত। অন্তিম পৰ্যায়ত যিসকল লোক বিদেশী বুলি চিহ্নিত হয় সেইসকলক বাংলাদেশ চৰকাৰে গ্ৰহণ কৰিব লাগিব নেকি সেই সন্দৰ্ভত উক্ত ভ্ৰমণকালত দুয়ো দেশৰ প্ৰধানমন্ত্ৰীৰ এক আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা হৈছে। আনহাতে চলমান উন্নয়ন প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত, নদীৰ পানী আবণ্টন সন্দৰ্ভতো বৈঠকত স্থান লাভ কৰাৰ লগতে সন্ত্ৰাসবাদ সন্দৰ্ভতো দুয়ো দেশৰ প্ৰধানমন্ত্ৰীয়ে বিতংভাৱে আলোচনা কৰাৰ সম্ভাৱনা আছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )