শেহতীয়া খবৰ
Home / আঞ্চলিক / এজনো ভাৰতীয় নাগৰিকক এনআৰচিৰ পৰা বাদ পৰিবলৈ নিদিয়াৰ সংকল্প

এজনো ভাৰতীয় নাগৰিকক এনআৰচিৰ পৰা বাদ পৰিবলৈ নিদিয়াৰ সংকল্প

প্ৰদেশ কংগ্ৰেছৰ “ঐতিহাসিক বাছ যাত্ৰা” তিনিচুকীয়া জিলাৰ ধলাত উপস্থিত

গণ বাৰ্তা, কাকপথাৰ, ১৪ ছেপ্টেম্বৰ : ‘এন আৰ চিত পিতৃ-মাতৃৰ নাম প্ৰকাশ পোৱাৰ বিপৰীতে পুত্ৰ-কন্যা কেনেকৈ বিদেশী হ’ব পাৰে· পিতৃ-মাতৃৰ নাম এন আৰ চিত প্ৰকাশ পোৱাৰ পাছতো পাঁচ বছৰীয়া পুত্ৰ-কন্যা কেনেকৈ বিদেশী হ’ব পাৰে· এয়া কোনখন দেশৰ আইন-কানুন চলিছে অসমত· এন আৰ চিৰ পৰা এজনো ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰিব নোৱাৰিব।’ —এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পিছত বহু ভাৰতীয় নাম বাদ পৰাত কংগ্ৰেছে সমগ্ৰ অসমজুৰি আয়োজন কৰা ঐতিহাসিক বাছ যাত্ৰাৰ দলটো আজি তিনিচুকীয়া জিলাৰ ধলাৰ বিচনীমুখ খেৰবাৰীত উপস্থিত হয়হি। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ উচ্চস্তৰীয় দলটোৱে এনআৰচিত নাম বাদ পৰা লোকসকলক নাম অন্তৰ্ভুক্ত কৰিবলৈ সজাগতা অনাৰ লগতে যিকোনো প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াবলৈ এই কাৰ্যসূচী হাতত লৈছে ।

কংগ্ৰেছৰ উচ্চস্তৰীয় দলটোত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে কংগ্ৰেছৰ বিধায়নী দলৰ দলপতি দেৱব্ৰত শইকীয়া, বিধায়নী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজ, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কমৰুল ইছলাম চৌধুৰীকে আদি কৰি প্ৰদেশ কংগ্ৰেছৰ বহু নেতা-নেত্ৰী তথা তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি-সম্পাদকসহ ছৈখোৱা ব্লক কংগ্ৰেছ আৰু শদিয়া ব্লক কংগ্ৰেছৰ নেতাসকলৰ উপস্থিতিত এই সজাগতা সভা তথা মত বিনিময় সভা অনুষ্ঠিত হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে ধলাৰ বিচনীমুখ খেৰবাৰী গাঁৱৰ বেছিসংখ্যক লোকৰ এন আৰ চিৰ পৰা নাম কৰ্তন হোৱাটো ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে। ৰাজ্যত যি দলৰে চৰকাৰ নাথাকক এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত কোনেও ভাৰতীয় নাগৰিকক বিদেশী আৰু বিদেশীক স্বদেশী সজাব নোৱাৰিব বুলি শাসকীয় দলক সকীয়াই দিয়ে নেতাজনে ।

এই সভাতে ধলাৰ বেংগলী সম্প্ৰদায়ৰ বহু লোকে ৰিপুন বৰাক সাক্ষাৎ কৰি এন আৰ চিত তেওঁলোকৰ নাম প্ৰকাশ নোপোৱা বিষয়টো সদৰী কৰি বিহিত ব্যৱস্থাৰ আহ্বান জনায়। ধলাৰ কেইবাটাও অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক সাক্ষাৎ কৰি এন আৰ চিৰ পৰা ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰা বিষয়টোৰ তদন্তৰ ব্যৱস্থা লোৱাৰ দাবী জনায় । উল্লেখ্য যে আজিৰ সভাতে বেংগলী ফেডাৰচনৰ তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ বহু নেতা উপস্থিত থাকি বিজেপি চৰকাৰক বেংগলীৰ ওপৰত কৰা অন্যায় বন্ধ কৰিবলৈ দাবী জনায়। সভাত গুৱাহাটী হাইক’ৰ্টৰ কেইবাজনো অধিবক্তা উপস্থিত থাকি এনআৰচিত নাম বাদ পৰা প্ৰকৃত ভাৰতীয়সকলে কেনেকৈ নাম অন্তভুক্তিৰ ব্যৱস্থা কৰিব তাৰ ওপৰত বক্তব্য ৰখাৰ লগতে প্ৰকৃত ভাৰতীয়ক নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত যিকোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পিছতেই কংগ্ৰেছৰ ঐতিহাসিক বাছ যাত্ৰাৰ দলটোৱে মাৰ্ঘেৰিটা সমষ্টিৰ জাগুনত এনে এখন সভাত ভাগ লোৱাৰ উদ্দেশ্যে ৰাওনা হয়।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )