শেহতীয়া খবৰ
Home / আঞ্চলিক / দেশত ৮ শতাংশহে ভূমিপুত্ৰ, ৯২ শতাংশই প্ৰব্ৰজনকাৰীঃ  উচ্চতম ন্যায়ালয়

দেশত ৮ শতাংশহে ভূমিপুত্ৰ, ৯২ শতাংশই প্ৰব্ৰজনকাৰীঃ  উচ্চতম ন্যায়ালয়

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সততে খিলঞ্জীয়া তথা ভূমিপুত্ৰৰ প্ৰসংগক লৈ বিতৰ্কৰ সূচনা হৈ আহিছে। কেৱল এয়াই নহয়, খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰসংগ টানি সমাজত মেৰু ¸বিভাজেনৰে দীৰ্ঘদিন ধৰি বিভিন্ন ৰাজনৈতিক দলে ৰাজনীতি কৰি আহিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কোন জাতি-জনগোষ্ঠীৰ লোক খিলঞ্জীয়া তথা ভূমিপুত্ৰ সেই লৈ এতিয়া বৃহৎ প্ৰশ্নৰ উদয় হৈছে। খিলঞ্জীয়া আৰু প্ৰব্ৰজনকাৰীৰ বিষয়ক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২০১১ চনৰ ৫ জানুৱাৰীত ১১য২০১১ নম্বৰৰ এক ফৌজদাৰী গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে ৰায়দান কৰি উল্লেখ কৰিছিল যে ভাৰতৰ মুঠ জনসংখ্যাৰ ৮ শতাংশ ‘এবৰিজিনছ’ বা অনসূচিত জনজাতি (আদিবাসী) ৰূপে জনাজাত। অৰ্থাৎ দেশৰ মুঠ জনসংখ্যাৰ ৮ শতাংশহে ভূমিপুত্ৰ বা খিলঞ্জীয়া। ভাৰতৰ প্ৰকৃত বা খিলঞ্জীয়া বাসিন্দাসকলৰ সম্ভৱত ‘ভিল’ সকলৰ বংশধৰ। ইয়াৰ বাদে ভাৰতৰ মুঠ জনসংখ্যাৰ ৯২ শতাংশই হৈছে প্ৰব্ৰজনকাৰী মূলৰ।

উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়দানত ১৯নং দফাত এইবুলিও উল্লেখ আছে যে বহল দৃষ্টিত চালে ভাৰতবৰ্ষখন উত্তৰ আমেৰিকাৰ দৰে এখন প্ৰব্ৰজনকাৰীৰ দেশ। একেদৰে উক্ত ৰায়দানত এইবুলিও উল্লেখ কৰা হৈছে যে সাধাৰণতে সকলোৱে মানি লোৱা বৰ্তমানৰ মতামত হ’ল ভাৰতবৰ্ষৰ ভূমিপুত্ৰসকল দ্ৰাবিড় মূলৰ নহয়, কিন্তু দ্ৰাবিড়-পূৰ্বমুণ্ডা আদিবাসীৰ বংশধৰ। যিসকলৰ উত্তৰসুৰীসকল বৰ্তমান ছোটনাগপুৰ (ঝাৰখণ্ড), ছত্তীশগড়, ওৰিশা, পশ্চিমবংগ আদি বিভিন্ন অঞ্চলত বসবাস কৰিছে। ইয়াৰ উপৰি তামিলনাডুৰ নীলগিৰি অঞ্চলত বসবাস কৰা টোড়া, আন্দামন নিকোবৰ দীপপুঞ্জৰ জনজাতীয় লোকসকল, ভাৰতৰ বিভিন্ন প্ৰান্তত বসবাস কৰা আদিবাসী লোকসকল- যিসকলে বনাঞ্চল আৰু পাৰ্বত্য অঞ্চলত বসবাস কৰে, সেইসকল গোণ্ড, চাওতাল, ভিলৰূপে পৰিচিত। ৰায়দানত এই বুলিও উল্লেখ আছে যে ইয়াৰ অধিক ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। কিন্তু তথ্যই নিশ্চিতভাৱে ইয়াকে প্ৰমাণ কৰে যে প্ৰায় ৯২ শতাংশ ভাৰতত বসবাস কৰা লোক প্ৰব্ৰজনকাৰীৰ বংশধৰ।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )