শেহতীয়া খবৰ
Home / আঞ্চলিক / মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত চলিছে কয়লা ছিণ্ডিকেট : সাংসদ প্ৰদ্যুত বৰদলৈ

মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত চলিছে কয়লা ছিণ্ডিকেট : সাংসদ প্ৰদ্যুত বৰদলৈ

মাৰ্ঘেৰিটাত এন আৰ চিৰ সন্দৰ্ভত কংগ্ৰেছৰ সজাগতা সভা

গণ বাৰ্তা, লেখাপানী, ১৫ ছেপ্টেম্বৰ : এনআৰ চিৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ মহলৰ এটি ৫৫জনীয়া দল আজি উপস্থিত হয় মাৰ্ঘেৰিটা মহকুমাত। এই দলটোত উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু ডুমডুমা বিধানসভাৰ সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজ আদি কৰি কংগ্ৰেছ দলৰ কৰ্মকৰ্তা ক্ৰমে—ডিগবৈৰ মনোজ ধনোৱাৰ, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি বাসুদেৱ চেত্ৰী, জাগুনৰ মণ্ডল কংগ্ৰেছৰ সভাপতি দেৱ গুৰুং। দলটোৱে আজি বিশেষভাৱে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন ছয়মাইলস্থিত ৰামপুৰ যুৱক সংঘৰ পেক্ষাগৃহত এখন সভা অনুষ্ঠিত কৰে। এই সভাখনতে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই কংগ্ৰেছীৰ গাত শেষ বিন্দু তেজ থকালৈকে এনআৰচিৰ বিৰুদ্ধে যঁুজ দি যাব বুলি উল্লেখ কৰে। তদুপৰি সভাখনত উপস্থিত থকা একালৰ অসম চৰকাৰৰ শক্তিশালী মন্ত্ৰী তথা বৰ্তমান নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বহু লোকৰ এনআৰচিত নাম নথকাৰ বাবে শংকিত হৈ মৃত্যুমুখত পৰিব লগীয়া হৈছে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। লগতে সাংসদজনে বিজেপি চৰকাৰে বাঙালী মানুহৰ আৱেগক লৈ ৰাজনীতি কৰা বুলিও উল্লেখ কৰে। ইয়াৰ উপৰিও অসমৰ ডিটেনচন কেম্পত সকলোতকৈ বেছি বাঙালী লোক থকা বুলি কোৱাই নহয়, বিজেপি চৰকাৰে বাঙালী লোকসকলক পাখা খেলৰ গুটি হিচাপে ব্যৱহাৰ কৰা বুলিও অভিযোগ তোলে। সমান্তৰালকৈ সাংসদ বৰদলৈয়ে বিজেপি দলক সাপ হৈ খঁুটা আৰু বেজ হৈ জৰা বুলিও কটাক্ষ কৰে। ইমানেই নহয়, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনআৰচিৰ নামত অসমত কূটিল ৰাজনীতি আৰম্ভ কৰা বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে। আজিৰ সভাখনত উপস্থিত থকা প্ৰত্যেকগৰাকী কংগ্ৰেছী নেতাই এনআৰচিত নাম নাথাকিলেও শংকিত নহ’বলৈ ৰাইজক আহবান জনায়। এনআৰচিত নাম নথকা প্ৰকৃত ভাৰতীয়সকলক আইনী সাহায্য প্ৰদান কৰিবলৈ কংগ্ৰেছ দল সদায়ে প্ৰস্তুত বুলি উল্লেখ কৰে। কংগ্ৰেছে জনসাধাৰণৰ প্ৰকৃত বন্ধু, বিজেপি নহয় বুলিও আওপকীয়াকৈ প্ৰচাৰ চলাই থৈ যায়। আনহাতে, সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাৰ্ঘেৰিটা আৰু লিডুত অবৈধ কয়লা ছিণ্ডিকেটৰ ওপৰত বিস্ফোৰক মন্তব্য দিয়া পৰিলক্ষিত হয়। মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতেই এই অবৈধ কয়লা ছিণ্ডিকেট চলিছে বুলি মন্তব্য কৰে। এই ছিণ্ডিকেটৰ লগত পোনপটীয়াকৈ জড়িত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক, উপায়ুক্ত, ডিগবৈ, মাৰ্ঘেৰিটা, লিডু, লেখাপানী আৰু জাগুন আৰক্ষী থানাৰ বিষয়াসকল জড়িত আছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। দৈনিক শ শ দীঘল দীঘল ট্ৰেইলাৰ গাড়ীৰ জৰিয়তে নিশাৰ আন্ধাৰত এই কয়লাৰ গাড়ীসমূহৰ পৰা ৩৫য৪০ হাজাৰ টকা লৈ এই কয়লা ছিণ্ডিকেট চলাই আছে বুলিও সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে উল্লেখ কৰে। কোনো কাৰণতে প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছ দলে এই অবৈধ কয়লা ছিণ্ডিকেট চলিবলৈ দিয়া নহ’ব বুলি মতপোষণ কৰি প্ৰয়োজন অনুসৰি কংগ্ৰেছ দলে অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে সংঘৰ্ষ কৰাৰ কথাও প্ৰকাশ কৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )