শেহতীয়া খবৰ
Home / আঞ্চলিক / গোদাবৰী নদীত নাও দুৰ্ঘটনাত ১১ জনৰ মৃত্যু, ৩০জন সন্ধানহীন

গোদাবৰী নদীত নাও দুৰ্ঘটনাত ১১ জনৰ মৃত্যু, ৩০জন সন্ধানহীন

হায়দৰাবাদ, ১৫ ছেপ্টেম্বৰ : অন্ধ্ৰপ্ৰদেশৰ পূব প্ৰান্তৰ গোদাবৰী জিলাত দেওবাৰে শোকৱহ নাও দুৰ্ঘটনা সংঘটিত হয়। গোদাবৰী নৈৰে গৈ থকা অৱস্থাত এখন পৰ্যটক কঢ়িয়াই নিয়া নাও হঠাতে বাগৰি পৰাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত বাতৰি লিখা পৰলৈ ১১জন লোকৰ মৃত্যু ঘটে। আনহাতে, ২৩জন লোকক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও আন ৩০গৰাকী যাত্ৰী সন্ধানহীন হৈ আছে। জানিব পৰা মতে গোদাবৰী নৈত বাগৰি পৰা নাওখনত আছিল মুঠ ৬১ জনতকৈ অধিক যাত্ৰী। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসনৰ লগতে উদ্ধাৰকাৰী দল। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে এই দুৰ্ঘটনাত দুখ প্ৰকাশ কৰি মৃত লোকসকলৰ পৰিয়াললৈ দহ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰী ৰেড্ডীয়ে ৰাজ্যখনৰ সকলো মন্ত্ৰীলৈ নিৰ্দেশনা প্ৰদান কৰি তেওঁলোকক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান নিৰীক্ষণ কৰিবলৈ কৈছে। ইয়াৰ উপৰিও এই শোকাৱহ নাও দুৰ্ঘটনাৰ পিছতেই তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ সকলো নাও সেৱা বন্ধ কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে গোদাবৰী নৈৰ পানী যোৱা কিছুদিন ধৰি ওফন্দি আছে। এনে সময়ছোৱাতেই আজি এই নৈখনত শোকাৱহ নাও দুৰ্ঘটনাটো সংঘটিত হয়। পূব গোদাবৰী জিলাৰ আৰক্ষী অধীক্ষক অদনান অস্মিয়ে উল্লেখ কৰিছে যে এই নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য সংগ্ৰহ কৰাৰ চেষ্টা চলাই থকা হৈছে। আনহাতে দুৰ্ঘটনাত পতিত হৈ সন্ধানহীন হৈ পৰা লোকসকলৰ সন্ধানৰ বাবে হেলিকপ্টাৰ সেৱা ব্যৱহাৰ কৰিছে প্ৰশাসনে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )