শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশেষ নিউজ ৰিপ’ৰ্ট ◾️ এনআৰচি বহিঃৰ্ভুত প্ৰকৃত ভাৰতীয়ক লৈ সৰৱ মাইনৰিটি কনছালটেটিভ ছ’চাইটি

বিশেষ নিউজ ৰিপ’ৰ্ট ◾️ এনআৰচি বহিঃৰ্ভুত প্ৰকৃত ভাৰতীয়ক লৈ সৰৱ মাইনৰিটি কনছালটেটিভ ছ’চাইটি

◾️ নাগৰিকপঞ্জী প্ৰকাশৰ পিছত মেঘালয়ত নথি-পত্ৰ বিচাৰি সংখ্যালঘুক চলোৱা আতিশয্য বন্ধ কৰাৰ দাবী

◾️ লোক আদালতৰ জৰিয়তে এনে লোকক অন্তৰ্ভুক্ত কৰক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : এনআৰচি প্ৰকাশৰ পিছত ৰাজ্যত সৃষ্টি হোৱা পৰিস্থিতি আৰু এনআৰচি বহিঃৰ্ভূত প্ৰকৃত ভাৰতীয় লোকক কেনেদৰে সহায় আগবঢ়াব পৰা যায় সেই সন্দৰ্ভত আজি হাতীগাঁৱত মাইনৰিটী কনছালটেটিভ ছ’চাইটীৰ সভাপতিমণ্ডলীৰ অধ্যক্ষ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিচ ৰচিদ আহমেদ চৌধুৰীৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত এনআৰচিত বৃহৎসংখ্যক প্ৰকৃত ভাৰতীয় লোকৰ নাম বাদ পৰিছে আৰু প্ৰকাশিত এনআৰচিৰ এছ অ’ পি অনুসৰি কোনো এজন বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ কোনো পথ নাই বুলি উল্লেখ কৰি এই বিষয়ে উচ্চতম ন্যায়ালয়ৰ গোচৰীয়া আমছু আৰু জমিয়তক আবেদন দাখিল কৰিবলৈ পৰামৰ্শ দিয়ে।

আনহাতে, এনআৰচি প্ৰকাশৰ পিছত চুবুৰীয়া ৰাজ্য মেঘালয়ত বাছৰ পৰা নমাই নথি-পত্ৰ পৰীক্ষা কৰি সংখ্যালঘু লোকক এনআৰচিত নাম অন্তৰ্ভুক্ত হৈছে নে হোৱা নাই তাৰ প্ৰমাণ দিবলৈ বাধ্য কৰাই চলোৱা আতিশয্যত গভীৰ উদ্বেগ প্ৰকাশ কৰি এইক্ষেত্ৰত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয় আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক অৱগত কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। চূড়ান্ত এনআৰচিৰ পৰা বহুতো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিছে। এনেকুৱা বহুতো উদাহৰণ আছে য’ত মাক-দেউতাকৰ নাম অন্তৰ্ভুক্ত হৈছে কিন্তু সন্তানৰ নাম নাই। আকৌ আন কোনো অঞ্চলত পুত্ৰৰ নাম আহিছে কিন্তু বাদ পৰিছে দেউতাকৰ নাম বুলি ক্ষোভ উজাৰি এনআৰচিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় (যিসকলৰ নথি-পত্ৰ আছে) তেওঁলোকক বিদেশী ন্যায়াধিকৰণৰ নোযোৱাকৈয়ে অন্য প্ৰকাৰে নাম অন্তৰ্ভুক্ত কৰাৰ আহবান জনায়।

এই সমস্ত বিষয় সন্দৰ্ভত বিস্ত´তভাৱে আলোচনা চলোৱাৰ লগতে অসমৰ সকলো জাতি-জনগোষ্ঠী আৰু জাতীয় সংগঠনক লগত লৈ এখন জাতীয় সভা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি গ্ৰহণ কৰা বুলি উল্লেখ কৰে। ইপিনে বিদেশী ন্যায়াধিকৰণৰ পূৰ্বৰে পৰাই একপক্ষীয় সিদ্ধান্তৰে বহুতো প্ৰকৃত ভাৰতীয় লোকক সংখ্যালঘু হোৱাৰ বাবেই বিদেশী বুলি ৰায়দান দিয়ে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে এনে ন্যায়াধিকৰণৰ ৰায়ৰ স্বচ্ছতাৰ বাবে ভিডিঅ’ ৰেকৰ্ডিঙৰ ব্যৱস্থা কৰি মজুত কৰি ৰখাৰ বাবে দাবী জনায়। আনহাতে এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ আবেদনৰ ওপৰত বিচাৰ কৰিবলগা বিদেশী ন্যায়াধিকৰণসমূহে মানি চলিবলগীয়া এলানি নতুন নিৰ্দিষ্ট পদ্ধতি চমুকৈ এছ অ’ পি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত হস্তক্ষেপ বিচাৰি উচ্চতম ন্যায়ালয়ৰ ওচৰত দাবী জনায়। যাতে এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ আবেদন বিচাৰ নিষ্পত্তিৰ অৰ্থে প্ৰতিখন বিদেশী ন্যায়াধিকৰণে মানি চলিব লগা এক সুষম আৰু উমৈহতীয়া এছ অ’ পি কাৰ্যকৰী হয়।

এইক্ষেত্ৰত জানিব পৰা অনুসৰি ব্ৰহ্মপুত্ৰ চিভিল ছ’চাইটীয়ে এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে এখন প্ৰস্তাৱিত এছ অ’ পি উচ্চতম ন্যায়ালয়ৰ বিবেচনাৰ বাবে দাখিল কৰিছে। যিখনক আজিৰ সভাই সমৰ্থন জনায়। মাইনৰিটী কনছালটেটিভ ছ’চাইটীৰ আজিৰ বৈঠকত উপস্থিত থাকে প্ৰাক্তন উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখ, অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব মহম্মদ আলাউদ্দিন, অধ্যাপক ড০ আতোৱাৰ ৰহমান, গড়কাপ্টানী বিভাগৰ প্ৰাক্তন অভিযন্তা মমতাজ উদ্দিন আহমেদ, প্ৰাক্তন শিক্ষা সঞ্চালক দিলৱাৰ হুছেইন, সদৰ কাজি ফকৰুদ্দিন আহমেদ, মাদ্ৰাছা শিক্ষাৰ প্ৰাক্তন সঞ্চালক আব্দুল কায়ুম আল আমিন, জমিয়ত উলেমা হিন্দৰ নেতা ফজলুল কৰিম, আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, মাইনৰিটী ৱেলফেয়াৰ ছ’চাইটীৰ সভাপতি আব্দুচ ছাত্তাৰ, সম্পাদক আব্দুল কৰিম চৌধুৰী, অধ্যাপক নাজিৰ হুছেইন সিকদাৰ, অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া এ এইচ খণ্ডকাৰ, ইব্ৰাহিম আলী প্ৰমুখ্যে আন বিশিষ্ট লোক।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )