শেহতীয়া খবৰ
Home / আঞ্চলিক / নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প ৰূপায়ণৰ পৰ্যালোচনা

নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প ৰূপায়ণৰ পৰ্যালোচনা

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প সময় নিৰ্ধাৰিতভাৱে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শনিবাৰে নিশা নুমলীগড় শোধনাগাৰৰ সভাকক্ষত শোধনাগাৰটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালককে ধৰি আন উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে প্ৰস্তাৱিত প্ৰকল্পটোৰ ৰূপায়ণৰ প্ৰাৰম্ভিক কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যে অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে এই আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক প্ৰকল্পটো ৰূপায়ণৰ বাবে প্ৰস্তুত কৰা ৰোড মেপ সফলভাৱে মানি চলিবলৈ আহবান জনাই মুখ্যমন্ত্ৰী সোণোৱালে কয় যে প্ৰস্তাৱিত জৈব ইন্ধন প্ৰকল্পটোৱে বৃহৎ পৰিমাণে প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ বাট মুকলি কৰাৰ সম্ভাৱনা বহন কৰিছে। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি শোধনাগাৰ কৰ্তৃপক্ষই প্ৰস্তাৱিত প্ৰকল্পটোৰ লগতে গঢ়ি উঠিবলগীয়া আনুষংগিক উদ্যোগসমূহত প্ৰয়োজন হ’বলগীয়া দক্ষ মানৱ সম্পদৰ চিনাক্তকৰণৰ বাবে পদক্ষেপ ল’ব লাগে, যাতে চৰকাৰে আগতীয়াকৈ প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

এইক্ষেত্ৰত জিলা প্ৰশাসন আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰক জড়িত কৰাৰ পোষকতা কৰি মুখ্যমন্ত্ৰী সোণোৱালে শোধনাগাৰ কৰ্তৃপক্ষক এক সমীক্ষাৰ জৰিয়তে দক্ষতাসম্পন্ন মানৱ সম্পদৰ বিষয়ে অধ্যয়ন কৰি চৰকাৰক প্ৰয়োজনীয় তথ্য যোগান ধৰিবলৈ কয়। মুখ্যমন্ত্ৰী সোণোৱালে আশা প্ৰকাশ কৰে যে এনে পদক্ষেপে সমগ্ৰ প্ৰকল্পটোৰ প্ৰতি ৰাইজৰ আস্থা আদায় কৰিবলৈ সক্ষম হ’ব তথা সমগ্ৰ প্ৰকল্প ৰূপায়ণ প্ৰক্ৰিয়াত তেখেতসকলক গুৰুত্বপূৰ্ণ অংগত পৰিণত কৰিব। এই প্ৰকল্প অনুমোদনৰ ক্ষেত্ৰত নুমলীগড় শোধনাগাৰৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ নেতৃত্বত শোধনাগাৰটোৰ বিষয়ববীয়াসকলে গ্ৰহণ কৰা ভূমিকাৰ ভূয়সী প্ৰশংসা কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এই প্ৰকল্পৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ ইতিহাসত ২২,৫৯৪ কোটি টকাৰ সৰ্বকালৰ সৰ্ববৃহৎ বিনিয়োগৰ পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে শোধনাগাৰটোৰ সম্প্ৰসাৰণ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ ঔদ্যোগিক ক্ষেত্ৰখনতে অসমে সুকীয়া স্বাক্ষৰ বহন কৰিবলৈ সক্ষম হ’ব।

বৈঠকৰ আৰম্ভণিতে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই এক পাৱাৰ পইন্ট প্ৰেজেেণ্টশ্বনৰ জৰিয়তে অসম চৰকাৰৰ তৰফৰ পৰা তেখেতসকলে সহযোগিতা বিচৰা বিষয়সমূহৰ সম্পৰ্কে মুখ্যমন্ত্ৰী সোণোৱালৰ দৃষ্টিগোচৰ কৰে। এইক্ষেত্ৰত শোধনাগাৰ কৰ্তৃপক্ষই প্ৰস্তাৱিত প্ৰকল্পটোৰ বাবে অতিৰিক্ত ভূমি, ন’ ডেভেলপমেন্ট জ’ন প্ৰত্যাহাৰৰ বাবে উদ্যোগ গ্ৰহণ, বনজ সম্পদৰ পৰ্যাপ্ত যোগান, পথ আন্তঃগাঁথনিৰ উন্নয়ন তথা শোধনাগাৰটোৰ সুৰক্ষা সম্পৰ্কে কেতবোৰ বিষয় উত্থাপন কৰে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী সোণোৱালে প্ৰকল্পটো যাতে সময়মতে সম্পূৰ্ণ হৈ উঠে তাৰ বাবে অসম চৰকাৰে সকলোপ্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলি কয়।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )