শেহতীয়া খবৰ
Home / ক্ৰীড়া / ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ চাৰিটা স্বৰ্ণ জয়

ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ চাৰিটা স্বৰ্ণ জয়

গণ বাৰ্তা , সৰুপথাৰ ,১৬ ছেপ্তেম্বৰ : বিহাৰৰ পাটনাত যোৱা ১৩-১৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হোৱা ছিনিয়ৰ ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত অসমৰ দলে চাৰিটা সোন,এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক জয় কৰিবলে সক্ষম হয় | সোনৰ পদক লাভ কৰা খেলুৱৈ সকল হল ক্ৰমে জোনমনি বড়ো,দেবী দৈমাৰী,মনজিতা কটকী আৰু ৰুঞ্জাপ্ৰিয়া পাঠক | ৰূপৰ পদক লাভ কৰে সীমান্ত বৰাই | অন্যহাতে ব্ৰঞ্জৰ পদক জয় কৰে কিশোৰ ঠাকুৰীয়া,শ্যাম হাজৰিকা আৰু মধুস্মিতা হাজৰিকাই | ইফালে জোনমনি বড়োয়ে ‘দ্বিতীয় ষ্ট্ৰং ৱমেন অৱ ইণ্ডিয়া’ খিতাপ লাভ কৰে | দলটোৰ মেনেজাৰ আৰু প্ৰশিক্ষক আছিল ক্ৰমে মুজাহিদ ৰাজা আৰু প্ৰশান্ত বৰা | অসম শক্তি উত্তোলন সন্হাৰ সম্পাদক অজয় চেতিয়াই এই কথা জানিবলৈ দিছে |