শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰয়োজনত জম্মু-কাশ্মীৰলৈ যাব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঃ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন

প্ৰয়োজনত জম্মু-কাশ্মীৰলৈ যাব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঃ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : অনুেচ্ছদ ৩৭০ প্ৰত্যাহাৰৰ পিছতে জম্মু-কাশ্মীৰৰ পৰিস্থিতি আজিও স্বাভাৱিক হোৱা নাই। জম্মু-কাশ্মীৰত এক ভয়াৱহ পৰিস্থিতিয়ে গা কৰি উঠিছে। উপত্যকাটোৰ লোকসকল গৃহবন্দী হৈ থকাই নহয়, ন্যায় বিচাৰি জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পৰা নাই। জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি ঘোষণা কৰে যে প্ৰয়োজনত জম্মু-কাশ্মীৰলৈ ৰাওনা হ’ব। পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে জম্মু-কাশ্মীৰলৈ যোৱাৰ কথা উল্লেখ কৰাৰ লগতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পৰা বিস্ত´ত প্ৰতিবেদন বিচাৰিছে। আজি এক শুনানিকালত জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি ৰঞ্জন গগৈয়ে কয়— ‘যদি জম্মু-কাশ্মীৰৰ লোকসকলে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পৰা নাই, নিজৰ কথা ক’ব পৰা নাই, তেতিয়াহ’লে বিষয়টো অত্যন্ত গুৰুতৰ। মই নিজেই জম্মু-কাশ্মীৰলৈ যাম।’ শুনানিকালত আবেদনকাৰীৰ অধিবক্তাক ৰঞ্জন গগৈয়ে এইবুলিও সকীয়নি প্ৰদান কৰে যে জম্মু-কাশ্মীৰৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ প্ৰতিবেদন যদি ওলোটা হয়, তেন্তে পৰিণাম ভুগিবলৈ সাজু থাকক।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত আজি জম্মু-কাশ্মীৰৰ ৩৭০ প্ৰত্যাহাৰৰ বিৰুদ্ধে আৰু শিশুসকলক নজৰবন্দী কৰি ৰখা সন্দৰ্ভত এক শুনানি অনুষ্ঠিত হয়। আবেদনকাৰীৰ ফালৰ পৰা কোৱা হয় যে উপত্যকাটোত দহৰ পৰা ১৮ বছৰ বয়সৰ নাবালকক জিম্মাত ৰখা হৈছে। উচ্চতম ন্যায়ালয়ৰ কৰ্মীসকল আদালতত উপস্থিত হ’ব পৰা নাই। উচ্চতম ন্যায়ালয়ৰ ন্যায়ৰ পৰা বঞ্চিত হৈছে সকলো। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ইয়াৰ মাজতে কয় যে কি কাৰণত কঠিন হৈছে আপুনি কাৰণটো কওক। যদি সেয়া হৈছে তেনেহ’লে এইটো গুৰুতৰ ঘটনা। গগৈয়ে লগতে কয় যে তেওঁ এতিয়া এই বিষয়ত কোনো অধিবক্তাৰ পৰা নহয়, বৰঞ্চ প্ৰত্যক্ষভাৱে হাই ক’ৰ্টৰ কথা শুনিব।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )