শেহতীয়া খবৰ
Home / ক্ৰীড়া / বিশ্ব এথলেটিক্সৰ পৰা বাহিৰ হ’ল হিমা দাস

বিশ্ব এথলেটিক্সৰ পৰা বাহিৰ হ’ল হিমা দাস

ডিজিটেল সংবাদঃ বিশ্ব এথলেটিক্সৰ পৰা বাহিৰ হ’ল হিমা দাস। ভাৰতীয় দলে প্ৰকাশ কৰা দ্বিতীয়খন তালিকাতো নাম নাই ধিং এক্সপ্ৰেছ হিমা দাসৰ। ২৭ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰলৈ দোহাত অনুষ্ঠিত হ’বলগীয়া বিশ্ব এথলেটিক্সত ভাৰতীয় এথলেটিক্স ফেডাৰেশ্যনে ঘোষণা কৰা তালিকাত নাম নাই হিমা দাসৰ। ইফালে বিশ্ব এথলেটিকছৰ পৰা হিমা দাস বাহিৰ হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ। দল-সংগঠন, মিডিয়া আৰু গ্লেমাৰে হিমাক লক্ষ্যত উপনীত হোৱাৰ পৰা বিচলিত কৰিলে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ ক্ৰীৰাবিদ ভোগেশ্বৰ বৰুৱাৰ।