শেহতীয়া খবৰ
Home / আঞ্চলিক / বিবাহিতা মহিলাক একপক্ষীয় প্ৰেম নিবেদন কৰিবলৈ আহি ৰঙা ঘৰৰ আলহী হ’ল দৰঙৰ যুৱক 

বিবাহিতা মহিলাক একপক্ষীয় প্ৰেম নিবেদন কৰিবলৈ আহি ৰঙা ঘৰৰ আলহী হ’ল দৰঙৰ যুৱক 

ডিজিটেল সংবাদ, ডিফুঃ ছ’চিয়েল মেডিয়াক সাৰথি কৰি এগৰাকী বিবাহিতা মহিলাৰ সৈতে এক পক্ষীয় প্ৰেম নিবেদন কৰিবলৈ আহি ডিফুত ৰঙা ঘৰৰ আলহী হ’ল দৰঙৰ এজন যুৱক ৷ ভূক্তভোগী মহিলা গৰাকীয়ে অভিযোগ কৰা অনুসৰি মহিলা গৰাকী এটি সন্তানৰ মাতৃ আৰু বিবাহিতা মহিলা ৷ বিগত এবছৰ ধৰি দৰঙ জিলাৰ এগৰাকী অজ্ঞাত লোকে মহিলা গৰাকীৰ মোবাইলত ফোন কৰি মহিলা গৰাকীৰ সৈতে প্ৰেমৰ প্ৰস্তাব দিয়ে ৷ মহিলা গৰাকীয়ে নিজকে বিবাহিতা আৰু এটি সন্তানৰ মাতৃ বুলি জনোৱাৰ পিছতো লম্পট স্বভাবৰ লোকজনে মহিলা গৰাকীৰ কথালৈ কোনো গুৰুত্ব আৰোপ নকৰি মহিলা গৰাকীক অহৰ্ণিষে ফোন কৰি ব্যতিব্যস্ত কৰি তোলে ৷ লোকজনে  কোনোপ্ৰকাৰে মহিলা গৰাকীৰ ফটো একপি যোগাৰ কৰি লোকজনৰ ফটোৰ সৈতে মহিলা গৰাকীৰ ফটো এডিট কৰি সংযুক্ত কৰে আৰু উক্ত ফটো মৰিগাওঁ জিলাৰ মৈৰাবাৰী থানাৰ মাৰ্কেঢিঙৰ থকা মহিলা গৰাকীৰ স্বামীৰ হুৱাটচ এপত প্ৰেৰণ কৰে ৷
ইয়াৰ পিছতে মহিলা গৰাকীৰ সংসাৰত ক্ষোভৰ জুই জলিবলৈ ধৰে ৷ মহিলা গৰাকীৰ স্বামীয়ে মহিলা গৰাকীক সন্তানৰ সৈতে ডিফু স্থিত পিতৃ গৃহলৈ পঠিয়াই দিয়ে ৷ পিতৃ গৃহত অহাৰ পিছতো লম্পট লোকজনে মহিলা গৰাকীক ফোনত আমনি দিবলৈ এৰা নাছিল মঙলবাৰে পুৱা পুণৰ লোকজনে ফোন কৰি মহিলা গৰাকীক জনায় যে, তেওঁ ডিফুত আহিছে আৰু তাইক সাক্ষাৎ কৰিব খুজিছে ৷ সেই মৰ্মে মহিলা গৰাকী দুজন আত্মীয়ক লগতলৈ ডিফু কাছা খল পথাৰৰ ওচৰৰ ডিফু – নগাওঁ ঘাই পথলৈ আহি লোক জনক বিচাৰিবলৈ ধৰে ৷ তৎমূহূৰ্তত অজ্ঞাত লোকজনে মহিলা গৰাকীৰ হাতত থাপ মাৰি ধৰে আৰু ওচৰতে নগাওঁ অভিমূখে যাবলগীয়া বাছত বলপূৰ্বক উঠাই লৈ যাবলৈ ধৰে ৷ সেই মহিলা গৰাকীৰ আত্মীয় দুজনে মহিলা গৰাকীক ৰক্ষা কৰাৰ লগতে যুৱক গৰাকীক কৰায়ত্ব কৰি ডিফু আৰক্ষীক চমজাই দিয়ে ৷ এই সন্দৰ্ভত মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ২৫৬/ ১৯ ত ভা:দ:বি: আইনৰ ৩৬৬/৫১১ ধাৰাত এক গোছৰ ৰুজো দি লোক জনক ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেল হাজোতলৈ  প্ৰেৰণ কৰিছে ৷ পিছত সোধ পোছ ক্ৰমে যুৱকজন দৰঙ জিলাৰ মঙলদৈ থানা অন্তৰ্গত ২ নং কছাৰীভেটীৰ নুৰ ইছলামৰ পুত্ৰ মোস্তাফা আহমেদ(২৬) বুলি চিনাক্ত কৰা হৈছে ৷