শেহতীয়া খবৰ
Home / Uncategorized / বুঢ়া আৰক্ষীৰ চকীত বৰ্বৰ ঘটনা, থানাত উলংগ কৰি যুৱতীক-মহিলাক প্ৰহাৰ

বুঢ়া আৰক্ষীৰ চকীত বৰ্বৰ ঘটনা, থানাত উলংগ কৰি যুৱতীক-মহিলাক প্ৰহাৰ

 ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মা, কনিষ্টবল বিনীতা বড়োক নিলম্বন

গণ বাৰ্তা, দুমুনিচকী, ১৭ ছেপ্টেম্বৰ : দৰং জিলাৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত বুঢ়া আৰক্ষী চকীত তদন্তৰ নামত আৰক্ষীয়ে নিৰ্দোষী মহিলাৰ ওপৰত চলোৱা পৈশাচিক আক্ৰমণক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। অভিযুক্তৰ মহিলা আত্মীয়ক থানাৰ ভিতৰত আবদ্ধ কৰি নিৰ্মম অত্যাচাৰ কৰা এই ঘটনাৰ বাবে ৰাজ্যজুৰি আৰক্ষীৰ বৰ্বৰতাক লৈ উদ্ভৱ হৈছে নিন্দা আৰু গৰিহণাৰ। ঘটনাৰ বিবৰণী মতে বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বড়িগাঁৱৰ ৰফুল আলী নামৰ ব্যক্তি এজনৰ সৈতে তিতকুছি গাঁৱৰ হিন্দু সম্প্ৰদায়ৰ এগৰাকী যুৱতী বিয়া হোৱাৰ উদ্দেশ্যে পলায়ন কৰে। উক্ত ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা পোৱা অভিযোগৰ ভিত্তিত ছিপাঝাৰ থানাত (গোচৰ নং ৭১৮য১৯ ধাৰা ৩৬৬) ৰুজু কৰা হৈছে গোচৰ। আৰক্ষীয়ে বিচাৰ-খোঁচাৰ কৰে যদিও ৰফুল আলী আৰু পলায়ন কৰা ছোৱালীগৰাকীৰ একো শুংসূত্ৰ নাপাই উৰহৰ খং ভগা ঢাৰিত পলোৱাৰ লেখীয়া যুৱক ৰফুল আলীৰ বিবাহিত ভগ্নী তিনিগৰাকীক গুৱাহাটীৰ পৰা যোৱা ৮ ছেপ্টেম্বৰত তদন্তৰ নামত বুঢ়া আৰক্ষী চকীলৈ আটক কৰি আনে। মহিলাকেইগৰাকীক ৯ ছেপ্টেম্বৰত মুকলি কৰি দিয়ে যদিও মহিলাকেইগৰাকীয়ে ৮ ছেপ্টেম্বৰৰ নিশা সন্মুখীন হোৱা অকথ্য নিৰ্যাতনৰ সন্দৰ্ভত দৰং আৰক্ষী অধীক্ষকৰ ওচৰত ফটো সহকাৰে বুঢ়া আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এজাহাৰত উল্লেখ কৰা অনুযায়ী গুৱাহাটীৰ পৰা আটক কৰি আনি উক্ত নিশা প্ৰায় ৪ বজাৰ পৰা ৬ বজালৈ মিনুৱাৰা বেগম, চানুৱাৰা বেগম আৰু ৰূমেনা বেগমক শাৰীৰিক নিৰ্যাতন চলায়। আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ নাথ শৰ্মা আৰু মহিলা কনিষ্টবল বিনীতা দেৱীয়ে নগ্ন কৰি লৈ লাঠিৰে নিৰ্মমভাৱে কোবাই শাৰীৰিক অত্যাচাৰ চলায়। এই পৈশাচিক আক্ৰমণৰ পৰা সাৰি নগ’ল সন্তানসম্ভৱা জ্যেষ্ঠ ভগ্নীগৰাকী। থানাৰ লকআপত দীৰ্ঘসময় ধৰি পানীৰ বাবে হাহাকাৰ কৰি থকা গৰ্ভৱতী মহিলাগৰাকীক এটুপি খোৱাপানীও নিদিলে নিৰ্মম বুঢা আৰক্ষীয়ে । সন্তানসম্ভৱা গৰ্ভৱতী মহিলাগৰাকীৰ ইতিমধ্যে গৰ্ভপাত হোৱাৰো অভিযোগ উঠিছে। ইপিনে আৰক্ষীয়ে মহিলাৰ ওপৰত চলোৱা বৰ্বৰতাক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়া উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে । শেহতীয়াভাৱে আৰক্ষী ছাউনীত মহিলাক পৈশাচিক নিৰ্যাতন চলোৱা এই ঘটনা ছ’চিয়েল মিডিয়াযোগে বিয়পি পৰাত আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। আৰক্ষীৰ এই অমানৱীয় কাৰ্যক ধিক্কাৰ দিছে পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থা, দুনী আঞ্চলিক ছাত্ৰ সন্থা, সদৌ দৰং জিলা ছাত্ৰ সন্থা, যুৱ-ছাত্ৰ পৰিষদৰ দুনী আঞ্চলিককে ধৰি বিভিন্ন দল-সংগঠনে।

ইপিনে আৰক্ষীৰ এনে গৰ্হিত কামৰ অন্তৰালত আৰ এছ এছ আৰু উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ ভূমিকা থকা বিষয়ে সাধাৰণ ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে। যুৱতী অপহৰণ কাণ্ডত অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে আৰ এছ এছকে ধৰি কেইবাটাও উগ্ৰ হিন্দুত্ববাদী সংগঠনে ব্যাপক হেঁচা প্ৰয়োগেৰে একপ্ৰকাৰ আৰক্ষীক বাধ্য কৰোৱা বুলি স্বয়ং আৰক্ষীয়ে স্বীকাৰ কৰিছে । কোনো বৰমূৰীয়াৰ প্ৰভাৱৰ বাবে আৰক্ষীয়ে মহিলাৰ ওপৰত এনেধৰণৰ অত্যাচাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰা কাৰ্যই সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দৰঙৰ বুঢ়া আৰক্ষী চকীত সংঘটিত বৰ্বৰ ঘটনাৰ পিছতেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক নিলম্বন কৰা হৈছে। একেদৰে তিনি ভগ্নীক থানাৰ ভিতৰতেই উলংগ কৰি অকথ্য নিৰ্যাতন চলোৱা কনিষ্টবল বিনীতা বড়োকো নিলম্বন কৰা হৈছে। মূলতঃ উক্ত ঘটনাক লৈ এতিয়া অসম আৰক্ষীতো জোকাৰণিৰ সৃষ্টি হৈছে। ইপিনে উক্ত বৰ্বৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিংহক তদন্তৰ দায়িত্ব দিয়াৰ লগতে শীঘ্ৰে প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে।

দোষী আৰক্ষী বিষয়াক কঠোৰ শাস্তি প্ৰদানৰ দাবী মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী ঃ খাকী পোছাকৰ কলংকই এতিয়া সমগ্ৰ ৰাজ্যজুৰি তোলপাৰ লগাইছে। বিশেষকৈ অভিযুক্তক বিচাৰি নাপাই তিনি ভগ্নীক বলপূৰ্বক থানালৈ আনি ওৰে নিশা উলংগ কৰি প্ৰহাৰ কৰা ঘটনাই এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দৰঙৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাৰ এনেধৰণৰ জঘন্য ঘটনাই ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাইছে। সভ্য সমাজক লজ্জানত কৰা এনেধৰণৰ বৰ্বৰ ঘটনাক লৈ সৰৱ হৈ পৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। আজি সাংবাদিকৰ আগত এনেধৰণৰ ঘটনাক তীব্ৰ ধিক্কাৰ দি দোষী আৰক্ষী বিষয়াক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মহিলাগৰাকী দোষী হ’লেও উলংগ কৰি শাস্তি দিব নোৱাৰে। মহিলাৰ শৰীৰত হাত দিব নোৱাৰে আৰক্ষীয়ে। পুৱতি নিশা ৪ বজাৰ পৰা ৬ বজালৈ লকআপত আবদ্ধ কৰি সম্পূৰ্ণ উলংগ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাটো কোনো কাৰণতে যুক্তিসংগত নহয়। এইটো ডাঙৰ অপৰাধ কৰিছে। দোষী আৰক্ষীয়ে শাস্তি পাব লাগে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )