শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাজ্যৰ ২৪ খন জিলাত বিষাক্ত আৰ্চেনিকঃ ৬৮৮১টা অঞ্চলৰ পানীত আৰ্চেনিকৰ, ৯৩০টাত বিষাক্ত ফ্লৰাইড উপস্থিতি

ৰাজ্যৰ ২৪ খন জিলাত বিষাক্ত আৰ্চেনিকঃ ৬৮৮১টা অঞ্চলৰ পানীত আৰ্চেনিকৰ, ৯৩০টাত বিষাক্ত ফ্লৰাইড উপস্থিতি

বৰপেটা, বাক্সা, যোৰহাট, দৰং, নলবাৰীক আৰ্চেনিক মণ্ডল ৰূপে চিনাক্ত

 

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : অসমৰ ৩৩খন জিলাৰ ২৪খন জিলাতেই বিষাক্ত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে যদিও ৰাইজক আৰ্ছেনিকমুক্ত খোৱাপানী যোগানৰ ক্ষেত্ৰত আজিলৈকে জনস্বাস্থ্য কাৰিকৰী বিভাগে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বিষাক্ত আৰ্ছেনিক আৰু ফ্ল’ৰাইডৰ প্ৰভাৱত ৰাজ্যৰ ২৪খনকৈ জিলাত প্ৰজন্মৰ পাছত প্ৰজন্মই পংগুত্বক আঁকোৱালি ল’বলগীয়াত পৰিছে যদিও দিছপুৰীয়া মন্ত্ৰী-আমোলাৰ কোনো গা লৰা নাই। সম্প্ৰতি ৰাজ্যৰ ২৪খন জিলাৰ আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে আৰু এই ২৪খন জিলাৰ ৬,৮৮১টা অঞ্চলত ভূগৰ্ভীয় পানীত ব্যাপক হাৰত এই দ্ৰব্য পোৱা গৈছে। বৰপেটা, বাক্সা, যোৰহাট, দৰং আৰু নলবাৰী জিলাত আৰ্ৰ্ছেনিক মণ্ডল হিচাপে ঘোষণা কৰা হৈছে। আৰ্ছেনিকৰ সমহাৰত ৰাজ্যৰ বিভিন্ন ঠাইত বহুল মাত্ৰাত ফ্ল’ৰাইডৰ উপস্থিতি পোৱা গৈছে। পানীত অত্যধিক ফ্ল’ৰাইডৰ ফলত জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে।

ৰাজ্যৰ ৯৩০টা অঞ্চলত ব্যাপক হাৰত ফ্ল’ৰাইডিৰ উপস্থিতি ধৰা পেলোৱা হৈছে আৰু ধুবুৰী, নগাঁও, কাৰ্বি আংলং, ওদালগুৰি আৰু নলবাৰী জিলাক ফ্ল’ৰাইড মণ্ডল হিচাপে ঘোষণা কৰা হৈছে। লক্ষণীয় যে জনস্বাস্থ্য বিভাগে ২৪খন জিলাত ফ্ল’ৰাইড আৰু আৰ্ছেনিকৰ উপস্থিতি ধৰা পেলাই দমকল-কুঁৱাসমূহত চিনাক্ত কৰিছে। আৰ্ছেনিক আৰু ফ্ল’ৰাইড পোৱা এনে পানীৰ উৎসমূহক ৰঙা চিয়াঁহীৰে চিহ্নিত কৰি নিজৰ দায়িত্ব সামৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে। উল্লেখ্য যে ৰাজ্যৰ ২৪খন জিলাত ৬,৮৮১টা অঞ্চলত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰাৰ পিছতো সেই অঞ্চলসমূহত আৰ্ছেনিকমুক্ত পানী যোগানৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই মন্ত্ৰী ৰিহন দৈমাৰীৰ বিভাগটোৱে। দুই-এঠাইত সৰু পানী যোগান আঁচনি চলাই আছে যদিও সেয়া পৰ্যাপ্ত নহয়। যাৰ ফলত উপায়ান্তৰ হৈ এনে উৎসৰ পৰাই পানী সেৱন কৰি আছে ২৪খন জিলাৰ ৰাইজে।

আনহাতে ধুবুৰী, নগাঁও, কাৰ্বি আংলং, ওদালগুৰি, নলবাৰীত ব্যাপক হাৰত ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পেলোৱাৰ পিছত ফ্ল’ৰাইড মণ্ডল হিচাপে ঘোষণা কৰা হৈছে যদিও ফ্ল’ৰাইডমুক্ত পানী যোগান ধৰা বা ফ্ল’ৰাইডযুক্ত পানীক পৰিশোধন কৰি খোৱাপানীৰ উপযোগী কৰি তোলাৰ ক্ষেত্ৰত পৰ্যাপ্ত ব্যৱস্থা কৰা নাই বুলি অঞ্চলবাসীয়ে অভিযোগ কৰি আহিছে। বছৰ বছৰ ধৰি অঞ্চলসমূহৰ ৰাইজে এই দূষিত পানীকেই সেৱন কৰি আহিছে। কাৰ্বি আংলং, হোজাই, মঙলদৈ, ধেমাজি আদি জিলাত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই ব্যাপক হাৰত ফ্লুৰোছিছ ৰোগ আৰু আৰ্ছেনিকৰ বাবে পংগুত্বৰ ঘটনা পোহৰলৈ আহিছে। এই অঞ্চলসমূহত চিকিৎসকসকলেও কোনো ঔষধেৰে ভুক্তভোগীসকলক সকাহ দিব পৰা নাই একমাত্ৰ দূষিত পানীৰ বাবেই।

লক্ষণীয় যে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় পানী গুণগত উপ-অভিযানৰ অধীনত ৰাজ্য চৰকাৰে ৩৩০.৯৬ কোটি টকা লাভ কৰিছে যদিও এই টকা ব্যয়ৰে ৰাজ্যখনৰ পৰা ফ্ল’ৰাইড আৰু আৰ্ছেনিকৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কেন্দ্ৰৰ ৩৩০.৯৬ কোটি সাহায্য লাভ কৰাৰ পিছতো এতিয়ালৈকে বছৰৰ পিছত বছৰ ধৰি ২৪খন জিলাৰ ৬,৮৮১টা অঞ্চলৰ ৰাইজে আৰ্ছেনিকযুক্ত পানী আৰু ৯৩০ টা অঞ্চলৰ ৰাইজে ফ্ল’ৰাইডযুক্ত পানীয়ে সেৱন কৰি আহিবলগীয়া হৈছে। যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্মক পংগুত্বৰ দিশে ঠেলি দি আহিছে যদিও এইক্ষেত্ৰত কুম্ভকৰ্ণ নিদ্ৰাত মন্ত্ৰী ৰিহন দৈমাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )