শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক লৈ হেতালি পুথি প্ৰকাশন গোষ্ঠীৰ

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক লৈ হেতালি পুথি প্ৰকাশন গোষ্ঠীৰ

টেট পৰীক্ষাৰ সহায়ক পুথি বাৰেপাছি ভুলেৰে প্ৰকাশ অসম একাডেমি, অশোক পাব্লিকেশ্বনৰ

চৈয়দ ৰেকিব আলী, গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : ৰাজ্যত কয়লা-কণীৰ পৰা আৰম্ভ কৰি আন কে’বাটাও দিশত ছিণ্ডিকেট গঢ়ি তুলি শাসনৰ গাদীত থকা একাংশৰ পৰা বিষয়াৰ একাংশই লুটি খোৱাৰ লেখীয়াকৈ গ্ৰন্থ প্ৰকাশন গোষ্ঠীয়েও বৃহৎ অনিয়মত লিপ্ত হৈ পৰিছে। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ পেটত গোৰ শোধাবলৈ ইতিমধ্যে বজাৰত বহি লৈছে একাংশ পুথি প্ৰকাশন গোষ্ঠী। ৰাজ্যখনৰ চুকে-কোণে বিভাগীয় নীতি-নিয়ম পালন নকৰি শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠাৰ লেখীয়াকৈ পুথি প্ৰকাশন গোষ্ঠী গঢ়ি উঠি মাধমাৰ শোধাবলৈ সাজু হৈছে। সুদীৰ্ঘ আঠ বছৰৰ মূৰত শিক্ষা বিভাগে ৰাজ্যখনত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি প্ৰক্ৰিয়াৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বিজ্ঞাপন জাৰি কৰে। উচ্চতৰ মাধ্যমিকত সাধাৰণ শ্ৰেণীৰ ৫০ শতাংশ নম্বৰ লাভ কৰাৰ লগতে ডি এল এড, এ এড প্ৰাৰ্থীৰ পৰা অনলাইন যোগে আবেদন বিচাৰে বিভাগে। বিভাগৰ এনে বিজ্ঞাপনৰ পাছতে নিবনুৱা যুৱক-যুৱতী অথবা টেট পৰীক্ষাৰ আবেদনকাৰী প্ৰাৰ্থীসকলক সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহে ৰাজ্যৰ পুথি প্ৰকাশন গোষ্ঠীসমূহ।

অৱশ্যে ইয়াৰ অন্তৰালত তেওঁলোকৰ ব্যক্তিগত লাভালাভো জড়িত নথকা নহয়। পাছে একমাত্ৰ ব্যক্তিগত লাভালাভৰ বাবেই একাংশই পুথি প্ৰকাশৰ বাবে আগবাঢ়ি অহাৰ অভিযোগ উঠিছে। বিশেষকৈ আগন্তুক টেট পৰীক্ষাৰ বাবে সহায়ক পুথি প্ৰকাশেৰে লাখ লাখ টকা উপাৰ্জনৰ মাধ্যম হিচাপে লৈছে একাংশই। ৰাজ্যৰ লাখ লাখ নিবনুৱা, যুৱক-যুৱতীৰ ভৱিষ্যতৰ কথাত মুঠেই গুৰুত্ব নিদি একমাত্ৰ নিজৰ লাভালাভৰ বাবে টেট সহায়ক পুথি প্ৰকাশ কৰি উলিওৱাৰ অভিযোগ উঠিছে। প্ৰাপ্ত অভিযোগ অনুসৰি ৰাজ্যৰ অন্যতম পুথি প্ৰকাশন গোষ্ঠী অসম একাডেমিক চেণ্টাৰে প্ৰাক্‌-প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ টেট পৰীক্ষাৰ বাবে সহায়ক পুথি প্ৰকাশ কৰি উলিয়াই বজাৰত মুকলি কৰি দিছে। পিছে উক্ত প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা পুথিকেইখনত বাৰেপাচি ভুল। একেদৰে অশোক পাব্লিকেচনকে ধৰি আন কে’বাটাও পুথি প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা টেট সহায়ক পুথিত ভালেসংখ্যক ভুল ওলায়। ইয়াক লৈ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ শিক্ষিত তথা টেট প্ৰাৰ্থীসকলক লৈ হেতালি খেলা পুথি প্ৰকাশন গোষ্ঠীকেইটাৰ বিৰুদ্ধে বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )