শেহতীয়া খবৰ
Home / আঞ্চলিক / চান্দমাৰীত ৯১ ভাড়াতীয়াক থানালৈ আনি সোধা পোচা, ৫জনক জেললৈ প্ৰেৰণ

চান্দমাৰীত ৯১ ভাড়াতীয়াক থানালৈ আনি সোধা পোচা, ৫জনক জেললৈ প্ৰেৰণ

অপৰাধীৰ নিয়ন্ত্ৰণৰ বাবে মহানগৰ আৰক্ষীৰ তৎপৰতা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : গুৱাহাটীত অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পাই অহা পৰিলক্ষিত হোৱাৰ সময়তে মহানগৰ আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। আজি চানমাৰি থানাৰ অন্তৰ্গত ভাস্কৰ নগৰ আৰু মহিলা টেংকীৰ বৃহত্তৰ অঞ্চলৰ পৰা ৯১জন ভাৰাতীয়াক থানালৈ আনি সোধা-পোছা কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি দীৰ্ঘদিনৰ পৰাই একাংশ অপৰাধী চক্ৰই অঞ্চলটোত বাহৰ পাতি মহানগৰীৰ বিভিন্ন অঞ্চলত চুৰি-ডকাইতি আদিৰ দৰে ঘটনা সংঘটিত কৰি আহিছিল। কিন্তু এই অঞ্চলত ভাৰাঘৰত আশ্ৰয় লৈ থকা লোকসকলৰ তথ্য আৰক্ষীৰ হাতত নাছিল। ভাৰাঘৰৰ মালিকসকলে জমা দিবলগীয়া নথি-পত্ৰ সময়মতে আৰক্ষীক নিদিয়া বাবেই বহু সময়ত অপৰাধ সংঘটিত কৰি অপৰাধীসকল গুৱাহাটী এৰি পলাই যায় আৰু তথ্য নথকাৰ বাবে আৰক্ষীয়ে তেওঁলোকক চিনাক্ত কৰি শাস্তিমলূক ব্যৱস্থা প্ৰদান কৰিব নোৱাৰে। এনে কাৰণতে আজি ৯১জন লোকক সোধা-পোছাৰ বাবে অনাৰ পিছত নথি-পত্ৰ পৰীক্ষাৰ অন্তত ৭৬জনক এৰি দিয়ে।

আনহাতে বাকী থকা ১৫জনৰ ভিতৰত ৫জনক অপৰাধমূলক কাৰ্যকলাপত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চিজেএম আদালতত হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে সোধা-পোছাৰ অন্তত মঙলদৈৰ মজিবুৰ ৰহমান, হাজোৰ চান্দ মহম্মদ আলী, ভাস্কৰ নগৰৰ ৰিংকু আলী, বৰপেটা কালজাৰৰ ছাজউদ্দিন আলী আৰু কলগাছিয়াৰ আফচেদ আলীক জে’ললৈ প্ৰেৰণ কৰে। লক্ষণীয় যে গুৱাহাটী মহানগৰীত বিভিন্ন অপৰাধীয়ে ভাৰাঘৰত বাহৰ পাতি নিৰ্বিঘ্নে অপৰাধমূলক কাৰ্যকলাপ চলাই আছে বুলি আৰক্ষীয়ে অভিযোগ কৰাৰ লগতে একাংশ ভাৰাঘৰৰ মালিকে ভাৰাতীয়াৰ তথ্য আৰক্ষীক যোগান নধৰাৰ লগতে ভাৰাঘৰত কোন কোন আছে সেয়াও নাজানে বুলি ক্ষোভ উজাৰে। একাংশ ভাৰাঘৰৰ মালিকে কোন ব্যক্তিৰ কি নাম সেয়াও নাজানে। এনে অৱস্থাত অপৰাধ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ যথেষ্ট জটিলতাৰ সৃষ্টি হয়। ইপিনে নিৰ্ধাৰিত সময় আৰু নীতিৰ ভিতৰত ভাৰাঘৰৰ মালিকসকলে আৰক্ষীক প্ৰ-পত্ৰৰ যোগেদি তথ্যপাতি যোগান নধৰিলে মালিকসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে ব্যৱস্থা ল’বলৈ বাধ্য হ’ব।

এনে মালিকসকলক অপৰাধীক আশ্ৰয় দিয়াৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ পৰ্যন্ত কৰিব পাৰে বুলি জানিবলৈ দিয়ে। আনহাতে বাকী দহজন ব্যক্তিৰ পৰীক্ষণৰ পিছত তেওঁলোক অপৰাধজনিত কাৰ্যকলাপৰ সৈতে জড়িত আছে নে নাই তাৰ তথ্য পুনৰীক্ষণৰ পিছত ব্যক্তিকেইজনক এৰি দিয়া হ’ব নে আটক কৰা হ’ব সেয়া নিৰ্ধাৰণ কৰিব। ইপিনে পুৱতি নিশা অপৰাধীৰ সন্দেহত এটা বিশেষ সম্প্ৰদায়ৰ ৯১জন লোকক থানালৈ উঠাই আনি অপৰাধীৰ দৰে ব্যৱহাৰ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভুক্তভোগী পৰিয়ালৰ মাজত। অপৰাধীৰ মাজত একাংশ নিৰ্দোষী ব্যক্তিক থানালৈ উঠাই অনা কিমান যুক্তিসংগত বুলিও ভুক্তভোগীসকলে ক্ষোভ উজাৰিছে। মজুৰি, দিনহাজিৰা কৰি পৰিয়ালক পোহপাল দিয়া এইসকল লোকক কি কাৰণত এনেদৰে অযথা হাৰাশাস্তি দিয়া হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে ভুক্তভোগী আৰু তেওঁলোকৰ আত্মীয়সকলে। কোনো অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত নোহোৱাৰ পিছতো কিয় তেওঁলোকক এনেদৰে অপৰাধীৰ দৰে থানাত আনি সোধা-পোছা কৰিলে তাৰ উত্তৰ বিচৰাৰ লগতে আৰক্ষীয়ে নিৰ্দিষ্ট অপৰাধীক কৰায়ত্ত কৰিবলৈ আহবান জনোৱাৰ লগতে অযথা নিৰ্দোষীক হাৰাশাস্তি নিদিবলৈ আহবান জনায়।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )