শেহতীয়া খবৰ
Home / আঞ্চলিক / জিএমচিএইচৰ প্ৰসূতি কক্ষত নৃশংস হত্যাকাণ্ড

জিএমচিএইচৰ প্ৰসূতি কক্ষত নৃশংস হত্যাকাণ্ড

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতি বিভাগত আইচিইউত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। পুৱা ইছমিল আলী নামৰ প্ৰসূতি এগৰাকীৰ এটেনডেন্টে চন্দন ধৰ নামৰ ব্যক্তিগৰাকীক ডিঙিত মৰিয়াই মৰিয়াই হত্যা কৰে। জানিব পৰা অনুসৰি চিৰাঙৰ বিজনীৰ শুনাইকলাৰ ইছমিল আলীৰ পত্নী আৰু বশিষ্ঠ চাৰিআলিৰ নতুন বজাৰৰ চন্দন ধৰৰ পত্নী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ আইচিইউ কক্ষত চিকিৎসাধীন হৈ আছিল। চন্দন ধৰ গাখীৰৰ ব্যৱসায়ৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। চন্দন ধৰৰ পত্নীয়ে শেহতীয়াকৈ সন্তান প্ৰসৱ কৰাৰ পিছত পুৱা সদ্যোজাত সন্তান আৰু পত্নীৰ খবৰ ল’বলৈ চন্দন নতুন বজাৰৰ পৰা জিএমচিএইচত উপস্থিত হৈছিল আৰু তলৰ পৰা খাদ্যবস্তু আৰু পানী লৈ ওপৰ মহলাত থকা আইচিইউ কক্ষলৈ ঢাপলি মেলিছিল।

এনে অৱস্থাত চন্দন ধৰে মূৰ ঘূৰাই বাগৰি ইছমিল আলীৰ পত্নীৰ গাত পৰাত ইছমিল আলী খঙত অগ্নিশৰ্মা হৈ চন্দন ধৰক ডিঙিৰ পিছপিনে কিলাকুটিৰে উপৰ্যুপৰি আক্ৰমণ কৰে। ফলত চন্দন ধৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু পিছত মৃত্যুমুখত পৰে। ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৯৯য১৯ নম্বৰত গোচৰ ৰুজু কৰিছে। লক্ষণীয় যে পুৱাৰ ভাগত এনেদৰে আইচিইউৰ কক্ষৰ সন্মুখত এজন ব্যক্তিক মৰিয়াই মৰিয়াই হত্যা কৰাৰ সময়ত কোনো এজন নিৰাপত্তাৰক্ষী বা লোকে বাধা নিদিয়া বিষয়টোৱে চিকিৎসা মহাবিদ্যালয়খনৰ সুৰক্ষাৰ দিশটোকে উদঙাই দিছে বুলি সচেতন মহলে প্ৰকাশ কৰিছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )