শেহতীয়া খবৰ
Home / আঞ্চলিক / অসম আন্দোলনত আত্মবলিদান দিয়া ছহিদ পৰিয়ালৰ নাম নাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত

অসম আন্দোলনত আত্মবলিদান দিয়া ছহিদ পৰিয়ালৰ নাম নাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৭ ছেপ্টেম্বৰ : অসম আন্দোলনত আত্মবলিদান দিয়া ছহিদসকলৰ অন্যতম নগাঁও জিলাৰ ৰহা গছপাৰা ডালিমবাৰীৰ মদন মল্লিক। অসম আন্দোলনৰ ছহিদজনৰ পৰিয়ালে এতিয়া নিজকে স্বদেশী ৰূপে প্ৰমাণ কৰিবলৈ হাবাথুৰি খাব লগা হৈছে । কিয়নো ছহিদ মল্লিকৰ পত্নী সৰ্ববালা মল্লিকসহ তেওঁৰ তিনি পুত্ৰৰ নাম অহা নাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি)ত। এই কাৰ্যত বাৰুকৈয়ে মৰ্মাহত হৈ পৰিছে ছহিদ পৰিয়ালটো। অসম আন্দোলনৰ ছহিদ মল্লিকৰ পত্নী-পুত্ৰৰ নাম এন আৰ চিত নহাত ক্ষুণ্ণ হৈ পৰা পৰিয়ালটোৱে চৰম অপমানবোধ কৰি যোৱা ২০১৬ চনৰ ১০ ডিচেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিয়ালটোক প্ৰদান কৰা ছহিদ স্মাৰক ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে এন আৰ চিক কেন্দ্ৰ কৰিয়েই এতিয়া অসম আন্দোলনৰ ছহিদ ৰহাৰ গছপাৰাৰ ডালিমবাৰীৰ মদন মল্লিকৰ পৰিয়ালটোৰ এতিয়া নাজল- নাথল অৱস্থাৰ সৃষ্টি হৈছে ।

ছহিদ মদন মল্লিকৰ পত্নী সৰ্ববাল্লা মল্লিকসহ তিনি পুত্ৰই আনকি ৰাজ্যৰ বিভিন্ন ঠাইত আঠবাৰকৈ এন আৰ চিৰ শুনানিত হাজিৰ হ’ব লগা হৈছিল। এন আৰ চিত নাম সন্নিৱিষ্ট নোহোৱাৰ বাবে এতিয়া ছহিদ মল্লিকৰ পৰিয়ালটোৱে এতিয়া নিজকে স্বদেশী বুলি প্ৰমাণ কৰিবলৈ বিদেশী ন্যায়াধিকৰণ আদালতত হাজিৰ হ’বলগীয়া হৈছে। ইপিনে কিন্তু সদৌ অসম নিৰ্যাতিত পৰিয়াল পৰিষদৰ মুখ্য সম্পাদক মাণিক চন্দ্ৰ দেৱনাথে মুখ্যমন্ত্ৰীৰ লগত এই সন্দৰ্ভত আলোচনা কৰাৰ আশ্বাস দিছে পৰিয়ালটোক। আনহাতে নগাঁও চহৰৰ চকীটুপ অঞ্চলত কে’বাগৰাকী বিশিষ্ট লোকৰ নাম এন আৰ চিৰ একীকৃত তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাই। প্ৰাপ্ত তথ্য মতে চকীটুপ অঞ্চলৰ কমল কৃষ্ণ পাল আৰু তেওঁৰ পৰিয়ালৰ কে’বাগৰাকী লোকৰ নাম অহা নাই।

উল্লেখ্য যে ১৯৬৭ চনত অৰিয়েন্টেল ইঞ্চুৰেঞ্চ কোম্পানীত চাকৰি কৰা প্ৰমাণ-পত্ৰৰ লগতে ১৯৫০ চনত জন্মৰ প্ৰমাণ-পত্ৰ দাখিল কৰিছিল। একেদৰে কমল কৃষ্ণ পালৰ বৃদ্ধা মাতৃ ৰেণুবালা পাল আৰু পুত্ৰ গকুল কৃষ্ণ পালৰ নাম অহা নাই। অৱশ্যে পৰিয়ালটোৰ আন কেইজন লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। এয়া এটা উদাহৰণহে মাথোন। কাৰণ নগাঁৱৰ বহু লোকৰ পৰিয়ালৰ একাংশ লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে আন একাংশ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। ইপিনে নগাঁৱৰ সাংবাদিক সুনীল ৰায়ৰ পত্নীৰ লগতে সাংবাদিক নাজিম আহমেদ আৰু ৱাহিদুদ জামানৰ শহুৰ পৰিয়ালৰ একাংশ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। তেওঁলোকে ১৯৫০ চনৰ পূৰ্বৰ নথি-পত্ৰ দাখিল কৰিছিল।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )