শেহতীয়া খবৰ
Home / আঞ্চলিক / ৬৯ সংখ্যক জন্ম দিনত গুজৰাটত মাতৃৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৬৯ সংখ্যক জন্ম দিনত গুজৰাটত মাতৃৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নমামি নৰ্মদা মহোৎসৱত নতুন ভাৰত নিৰ্মাণৰ প্ৰস্তুতিৰ বৰ্ণনা

গান্ধীনগৰ, ১৭ ছেপ্টেম্বৰ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯ সংখ্যক জন্মদিন আজি উলহ-মালহেৰে পালন কৰা হয়। ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি বিভিন্নজনে প্ৰধানমন্ত্ৰী মোদীক ৬৯ সংখ্যক জন্মদিন উপলক্ষে শুভেচ্ছা জনায়। আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ৬৯ সংখ্যক জন্মদিন নিজ গৃহৰাজ্য গুজৰাটত উলহ-মালহেৰে পালন কৰে। তেওঁৰ জন্মদিন পালন কৰাৰ বাবে কালি নিশাই গুজৰাটত উপস্থিত হৈছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। আজি প্ৰধানমন্ত্ৰী মোদীয়ে চৰ্দাৰ সৰোৱৰ ডেমত নৰ্মদাত পূজা আগবঢ়াই তেওঁৰ ৬৯ সংখ্যক জন্মদিন পালন কৰে। ইয়াৰ উপৰি তাত তেওঁ এখন জনসভাও সম্বোধন কৰে। লগতে আজি তেওঁ নিজ গৃহতো উপস্থিত হয়, য’ত তেওঁৰ বৃদ্ধ মাতৃৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। উল্লেখ্য যে মোদীয়ে আজি নৰ্মদা মহোৎসৱ উদ্বোধন কৰে।

গুজৰাট চৰকাৰে নৰ্মদা নৈৰ ওপৰত নিৰ্মাণ হোৱা চৰ্দাৰ সৰোৱৰ ডেমৰ উচ্চতম স্তৰ ১৩৮.৬৮ মিটাৰলৈ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে নমামি নৰ্মদা মহোৎসৱৰ আয়োজন কৰিছে। সেই মহোৎসৱ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰি তেওঁ নৰ্মদা নৈৰ সমীপতে থকা গুৰুদেশ্বৰ দূত মন্দিৰো দৰ্শন কৰে। আজি প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটত নিৰ্মাণ হোৱা ষ্টেচু অৱ ইউনিটী আৰু চৰ্দাৰ সৰোৱৰ বান্ধৰ সমীপত হৈ থকা বিকাশমূলক কাৰ্যসূচী পৰ্যবেক্ষণ কৰে। মোদীয়ে আজি জন্মদিন উপলক্ষে এখন জনসভা সম্বোধন কৰি কয় যে নতুন ভাৰত নিৰ্মাণৰ উদ্দেশ্যৰে চলি আছে কাম। তেওঁ লগতে কয়- আমাৰ প্ৰকৃতি অভূতপূৰ্ব। এফালে যদি জলসাগৰ, আনফালে জনসাগৰ। জন্মদিন উপলক্ষে নৰ্মদা দৰ্শন কৰি নিজকে ধন্য মানিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )