শেহতীয়া খবৰ
Home / আঞ্চলিক / বৰপেটাত এইবেলি হব পলিথিন মুক্ত-পৰিষ্কাৰ পূজা : জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশ

বৰপেটাত এইবেলি হব পলিথিন মুক্ত-পৰিষ্কাৰ পূজা : জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশ

মণ্ডপত বাধ্যতামূলক হ’ব চিচি টিভি কেমেৰা

 

গণ বাৰ্তা উত্তৰ বৰপেটা, ১৮ ছেপ্টেম্বৰ : আগন্তুক শাৰদীয় দুৰ্গোৎসৱ বৰপেটা জিলাত পৰিষ্কাৰ- পৰিচন্ন আৰু সম্পূৰ্ণ পলিথিন মুক্ত ৰূপত পালন কৰিবলৈ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আহ্বান জনাইছে। পূজা মহোৎসৱ জিলাখনত শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাবে উদযাপন কৰাৰ উদ্দেশ্যে আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত উপায়ুক্ত গৰাকীয়ে এই কথা প্ৰকাশ কৰি কয় যে এইবাৰ আমাৰ দেশে মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ সৈতে সংগতি ৰাখি এইবাৰ স্বচ্ছতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ পূজা সমিতি সমূহৰ প্ৰতি অনুৰোধ জনায়। মণ্ডপ সমূহৰ পৰিষ্কাৰ পৰিচন্নতা নিশ্চিত কৰাৰ বাবে এইবাৰ প্ৰতিখন পূজা সমিতিয়ে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব। উপায়ুক্ত গৰাকীয়ে পলিথিনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিবলৈ চক্ৰ বিষয়া সকলক নিৰ্দেশ দিয়ে। তদুপৰি নিৰাপত্তা জনিত দিশৰ প্ৰতি লক্ষ্য ৰাখি মণ্ডপ সমূহত ক্লোজড চাৰ্কিট (চিচি) কেমেৰা লগোৱাটো বাধ্যতামূলক কৰা হৈছে। মণ্ডপ সমূহক উচ্চস্বৰত মাইক নবজাবলৈ আৰু নিশা ১০ বজাৰ পিছত মাইক বন্ধ ৰাখিবলৈ প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে, নিয়ম-শৃংখলা বজাই ৰাখি সুকলমে পূজা উদযাপন কৰা প্ৰথম পাচঁটা মণ্ডপক আৰক্ষী অধীক্ষকৰ ফালৰ পৰা পুৰষ্কৃত কৰা হ’ব । উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আৰক্ষী অধীক্ষক ডা: ৰবীন কুমাৰ সিং, অতিৰিক্ত অধীক্ষক পংকজ কাকতি, অতিৰিক্ত উপায়ুক্ত সাধন চৰকাৰ, পুলক পাটগিৰী, দুলাল দেবনাথ আৰু পল্লব মজুমদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, চক্ৰ বিষয়া সকল, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বিদ্যুৎ বিভাগৰ জিলা মুৰব্বী বিষয়া সকলৰ উপৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পূজা সমিতি সমূহৰ প্ৰতিনিধি সকলো উপস্থিত থাকে।