শেহতীয়া খবৰ
Home / আঞ্চলিক / জনীয়া-কলগাছিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ

জনীয়া-কলগাছিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ

গণবাৰ্তা, য’তিগাওঁ ১৮ ছেপ্টেম্বৰ : জনীয়াৰ কাদঙ আৰু কলগাছিয়াত ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নিখিল ভাৰত কৃষক সভা জনীয়া আঞ্চলিক সমিতিয়ে। যোৱা ৯ চেপ্টেম্বৰত দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই গুৱাহাটীৰ পৰা তিনি গৰাকী মহিলাক থানালৈ নি উলংগ কৰি মহিলাৰ ওপৰত চলোৱা বৰ্বৰ আৰু নিৰ্মম অত্যাচাৰৰ বিৰুদ্ধে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি, অসম আৰক্ষী হায় হায়, গৃহ বিভাগ হায় হায়, বিজেপি চৰকাৰে মহিলাৰ ওপৰত নিৰ্যাতন বন্ধ কৰক, আৰক্ষীৰ গুণ্ডাগিৰি বন্ধ কৰক, আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক ফাঁচী দিয়ক, গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱাল নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক আদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে। দোষী আৰক্ষীক নিলম্বন কৰি দায়িত্ব সামৰিলেই নহব দোষী মহেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে আন্দোলনকাৰীয়ে।