শেহতীয়া খবৰ
Home / আঞ্চলিক / যোগীঘোপা অশোক কাগজ কলৰ বেৰ নিৰ্মাণত ব্যাপক দূৰ্নীতি

যোগীঘোপা অশোক কাগজ কলৰ বেৰ নিৰ্মাণত ব্যাপক দূৰ্নীতি

গণ বাৰ্তা বিশেষ, অভয়াপুৰী, ১৮ ছেপ্তেম্বৰ :  এফ. চি. আই. আঞ্চলিক আমছুৰ উদ্যোগত আৰু উত্তৰ শালমাৰা জিলা আমছুৰ সহযোগত অশোক কাগজ কলৰ বেৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ ফলত আজি যোগীঘোপাৰ অশোক কাগজ কলৰ সন্মূখত আমছুৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত দূৰ্নীতি বন্ধ কৰক, আমছু জিন্দাবাদ, দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰক , দুৰ্নীতিগ্ৰস্থ অভিযন্তাক গ্ৰেফতাৰ কৰক, এ. পি. এম. ৰ চাৰি বেৰ নিৰ্মাণৰ উচিত তদন্ত কৰক আদি বিভিন্ন শ্লো গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰাপ্ত তথ্য অনুসৰি অশোক কাগজ কলৰ বেৰ নিৰ্মাণত কাৰ্য চলি থকাৰ মাজতে পোহৰলৈ আহিছে ব্যাপক দুৰ্নীতিৰ কথা। উল্লেখ্যযোগ্য যে, উক্ত কাৰ্যত ব্যৱহাৰ হোৱা ইটা, চিমেণ্ট, ৰট আদি অতি নিম্ন মানৰ বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে। কিন্তু অতি পৰিতাপৰ বিষয় এই যে বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষই।