শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁও শোধনাগাৰলৈ দুটিকৈ ৰাষ্ট্ৰীয় বঁটা

বঙাইগাঁও শোধনাগাৰলৈ দুটিকৈ ৰাষ্ট্ৰীয় বঁটা

সঞ্জয় সৰকাৰ, কাজলগাঁওঃ ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰে দুটাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে ‘কয়লাজাতীয় সামগ্ৰীৰ উৎপাদন আৰু পেট্ৰ’লজাতীয় সামগ্ৰীৰ পৰিশোধন’ শিতানত ২০১৭ বৰ্ষৰ বাবে শোধনাগাৰটোলৈ এই বঁটা আগবঢ়াইছে। ঔদ্যোগিক সুৰক্ষাৰ ক্ষেত্ৰত ‘লৱেষ্ট এভাৰেজ ফ্ৰিকুৱেন্সী ৰেট’ আৰু ‘ দুৰ্ঘটনামুক্ত বছৰ’- এই দুটা বিভাগত দেখুওৱা লক্ষণীয় সফলতাৰ বাবে শোধনাগাৰটোক এই  বিশেষ বঁটাৰে পুৰস্কৃত কৰা হয়। যোৱা ১৭ ছেপ্টেম্বৰত বিজ্ঞান ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যিক(স্বতন্ত্ৰ) শ্ৰম আৰু নিয়োগ মন্ত্ৰী সন্তোষ কুমাৰ গংগৱাৰৰ পৰা বঙাইগাঁও শোধনাগাৰৰ ভাৰপ্ৰাপ্ত মুখ্য মহা প্ৰৱন্ধক অমৰেন্দ্ৰ কলিতাই এই  বঁটা গ্ৰহণ কৰে। উল্লেখ্য যে, বঙাইগাঁও শোধনাগাৰে ২০১৫, ২০১৬ আৰু ২০১৭ ত একেৰাহে তিনিটা বৰ্ষৰ বাবে এই দুয়োটা শিতানত শ্ৰেষ্ঠতাৰ বঁটা লাভ কৰি আহিছে। আনহাতে শোধনাগাৰ টোৱে বিগত সাত বছৰ ধৰি ভাৰত চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।