শেহতীয়া খবৰ
Home / ৰাজনীতি / ১.৪ লাখ কোটি টকীয়া ব্যয়ৰে আমেৰিকাত ‘হাওদী মোদী’ ইভেণ্ট সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

১.৪ লাখ কোটি টকীয়া ব্যয়ৰে আমেৰিকাত ‘হাওদী মোদী’ ইভেণ্ট সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ সৰ্ববৃহৎ ব্যয়বহুল ইভেণ্ট বুলি আখ্যা ৰাহুল গান্ধীৰ

নতুন দিল্লী, ২০ ছেপ্টেম্বৰ : অহা ২২ ছেপ্টেম্বৰত আমেৰিকাৰ হিউষ্টন চহৰত অনুষ্ঠিত হ’বলগীয়া ‘হাওদী মোদী’ ইভেণ্ট সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই ইভেন্টৰ জৰিয়তে ট্ৰাম্প আৰু মোদীয়ে আমেৰিকাত বসবাস কৰি থকা প্ৰৱাসী ৫০ হাজাৰ ভাৰতীয়ক সম্বোধন কৰিব। দেশত অৰ্থনীতি মন্দাৱস্থাত চলি থকাৰ সময়ছোৱাতেই ১.৪ লাখ কোটি টকা ব্যয়ৰে আমেৰিকাৰ ‘হাওদী মোদী’ ইভেণ্ট প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰা বিষয়টোৱে বৃহৎ চৰ্চা লাভ কৰিছে। বিশ্বৰ সৰ্ববৃহৎ ব্যয়বহুল ইভেণ্ট বুলি আখ্যা দিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে।

আজি টুইটাৰৰ জৰিয়তে ৰাহুল গান্ধীয়ে উল্লেখ কৰিছে যে ১.৪ লাখ কোটি টকা ব্যয়ৰে আয়োজন হোৱা ‘হাওদী মোদী’ ইভেণ্ট বিশ্বৰ সৰ্ববৃহৎ ব্যয়বহুল ইভেণ্ট। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰলৈ আমেৰিকা ভ্ৰমণলৈ যাব। য’ত মোদীয়ে ‘হাওদী মোদী’ ইভেণ্ট সম্বোধন কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্টনিঅ’ গুটেৰেচে আয়োজন কৰা জলবায়ু শীৰ্ষ সন্মিলনত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )