শেহতীয়া খবৰ
Home / আঞ্চলিক / Video | অস্কাৰলৈ ৰণবীৰ সিং-আলিয়া ভাট অভিনীত ‘গলি বয়’

Video | অস্কাৰলৈ ৰণবীৰ সিং-আলিয়া ভাট অভিনীত ‘গলি বয়’

মুম্বাই : ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত ‘গলি বয়’ ছবিখন অস্কাৰৰ দৌৰত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিছে। এইবাৰ ভাৰতৰ হৈ ‘গলি বয়’ অস্কাৰৰ দৌৰত নামিব। আজি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। উল্লেখ্য যে ১৪ ফেব্ৰুৱাৰীত ছবিগৃহলৈ অহা গলি বয় ছবিখনে প্ৰথম দিনাই ১৯.৪ কোটি টকা উপাৰ্জন কৰে। দুসপ্তাহৰ ভিতৰত ছবিখনে ২০০ কোটি টকা উপাৰ্জন কৰে। এই ছবিখন ৯২সংখ্যক একাডেমী এৱাৰ্ডলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। ‘গলি বয়’ অস্কাৰ-২০২০ৰ বেষ্ট ইণ্টাৰনেচনেল ফিচাৰ ফিল্ম শাখালৈ নিৰ্বাচিত কৰা হৈছে।

এই ছবিখনত অভিনয় কৰিছে ৰণবীৰ সিং, আলিয়া ভাটৰ উপৰিও কল্কি, সিদ্ধান্ত চতুৰ্বেদী, বিজয় ৰাজৰ আৰু আন বহুজনে। উল্লেখ্য যে বিগত বৰ্ষত অস্কাৰৰ দৌৰত নামিছিল ৰীমা দাসৰ ‘ভিলেজ ৰ’কষ্টাৰ’। বিগত বৰ্ষত ভিলেজ ৰ’কষ্টাৰে অস্কাৰ এৱাৰ্ড যদিওবা সংগ্ৰহ কৰিবলৈ সক্ষম নহয়, কিন্তু বিশ্ববাসীৰ পৰা সমাদৃত লাভ কৰে ৰীমা দাসৰ ছবিখনে। মন কৰিব লগীয়া যে এতিয়ালৈ কেৱল তিনিখন ভাৰতীয় ছবিহে অন্তিম ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইয়াৰ ভিতৰত আছে মাডাৰ ইণ্ডিয়া (১৯৫৭), চালাম বোম্বে (১৯৯৮) আৰু লগন (২০০১)। অস্কাৰ এৱাৰ্ড-২০২০ৰ ৯ ফেব্ৰুৱাৰীত আমেৰিকাৰ লছ এঞ্জেলস্থিত ডাব্লি থিয়েটাৰত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )