শেহতীয়া খবৰ
Home / আঞ্চলিক / ২১ অক্টোবৰত অসমৰ চাৰিটা সমষ্টিত উপ- নিৰ্বাচন ঃ ৩০ ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ

২১ অক্টোবৰত অসমৰ চাৰিটা সমষ্টিত উপ- নিৰ্বাচন ঃ ৩০ ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ

২৪ অক্টোবৰত নিৰ্বাচনী ফলাফল ঘোষণা
দেশৰ ১৮খন ৰাজ্যৰ ৬৪টা সমষ্টিত অনুষ্ঠিত হ’ব উপনিৰ্বাচন

বিশেষ প্ৰতিনিধি, নতুন দিল্লী, ২১ ছেপ্টেম্বৰ : সকলোধৰণৰ জল্পনা কল্পনাৰ অন্ত পেলাই মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ দিন-বাৰ ঘোষণা হ’ল। অহা ২১ অক্টোবৰত অনুষ্ঠিত হ’ব দুয়োখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন। মহাৰাষ্ট্ৰৰ ২৮৮টা বিধানসভা সমষ্টি আৰু হাৰিয়ানাৰ ৯০টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। অহা ২৪ অক্টোবৰত বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সমান্তৰালকৈ দেশৰ ১৮খন ৰাজ্যৰ ৬৪টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। আজি দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই এই কথা জানিবলৈ দি কয় যে দুই ৰাজ্যৰ লগতে অহা ২১ অক্টোবৰত অৰুণাচল প্ৰদেশ, বিহাৰ, ছত্তীশগড়, অসম, গুজৰাট, হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশকে আদি কৰি ১৮খন ৰাজ্যৰ ৬৪টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচনৰ ভোটদান কাৰ্যসূচী। ২৪ অক্টোবৰত হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ লগতে উপ-নিৰ্বাচনৰো ভোট গণনা চলিব। দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে এই বুলি জানিবলৈ দি কয় যে দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ২৭ ছেপ্টেম্বৰত নিৰ্বাচনী অধিসূচনা জাৰি হ’ব। ৪ অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম দিন।

অহা ৭ অক্টোবৰলৈকে প্ৰাৰ্থীয় নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ দিন ধাৰ্য কৰা হৈছে। নিৰ্বাচনী আয়ুক্তগৰাকীয়ে এই বুলিও কয় যে ২১ অক্টোবৰত বিহাৰৰ ৫, উত্তৰ প্ৰদেশৰ ১১, মধ্যপ্ৰদেশৰ ১, অৰুণাচল প্ৰদেশৰ ১, অসমৰ ৪, ছMীশগড়ৰ ১, হিমাচল প্ৰদেশৰ ২, গুজৰাটৰ ৪, কৰ্ণাটকৰ ১৫, কেৰালাৰ ৫, মেঘালয়ৰ ১, উৰিষ্যাৰ ১, ৰাজস্থানৰ ২, পঞ্জাবৰ ৪, ছিকিমৰ ৩, তামিলনাডুৰ ২, তেলেংগানাৰ ১ আৰু পণ্ডিচেৰীৰ ১ বিধানসভা সমষ্টি অৰ্থাৎ সৰ্বমুঠ ৬৪টা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। উক্ত উপ-নিৰ্বাচনৰ ফলাফল ২৪ অক্টোবৰতেই ঘোষণা কৰা হ’ব। ইপিনে উপ-নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰি দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে এই বুলিয়ো কয় যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰা দেখিবলৈ পোৱা যায়। সেয়ে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কৰ্মীক নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্লাষ্টিকৰ ব্যৱহাৰ নকৰিবলৈ আহবান জনায়।

উল্লেখ্য যে হাৰিয়ানা বিধানসভা সমষ্টিত ১.৮২ কোটি ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য। একেদৰে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত ২৮৮টা সমষ্টিৰ ৮.৯৪ কোটি ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰত ব্যয় কৰিব পাৰিব সৰ্বাধিক ২৫ লাখ টকা। নিৰ্বাচনত অৱতীৰ্ণ হ’ব লগা প্ৰাৰ্থীসকলৰ এই দিশটো চোৱাচিতা কৰাৰ বাবে বিষয়া নিয়োগ কৰা হ’ব বুলিও নিৰ্বাচনী আয়ুক্তই জানিবলৈ দিয়ে। একেদৰে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ অপৰাধৰ তালিকা সন্নিৱিষ্ট কৰিব লাগিব মনোনয়ন-পত্ৰৰ সৈতে। যদি মিছাৰ আশ্ৰয় লৈছে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰিব বুলিয়ো জানিবলৈ দিয়ে। অসমত অনুষ্ঠিত হ’বলগীয়া চাৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৩০ ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ। মনোনয়নসমূহ পৰীক্ষা কৰা হ’ব ১ অক্টোবৰত। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৩ অক্টোবৰ।

মন কৰিব লগীয়া যে অসমত অনুষ্ঠিত হ’ব লগীয়া চাৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ মাজত চলিছে কুচকাৱাজ। ৰাতাবাৰী, ৰঙাপৰা, সোণাই, জনীয়া সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক লৈ বিজেপি আৰু কংগ্ৰেছ দল তৎপৰ হৈ পৰিছে। এতিয়ালৈকে সমষ্টি চাৰিটাৰ প্ৰাৰ্থী কোন হ’ব কোনো ৰাজনৈতিক দলে ঠিৰাং কৰা নাই যদিও সমষ্টিসমূহত বহু প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে খোপনি পুতিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। আনকি প্ৰাৰ্থিত্ব বিচাৰি বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাৰ দুৱাৰে দুৱাৰে টোকৰ মাৰি ফুৰা দেখা গৈছে। কেৱল এয়াই নহয়, বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰি এইবেলি জনীয়া বিধানসভা সমষ্টিৰ পৰা কে’বাজনো প্ৰাৰ্থীয়ে নাগপুৰৰ কেইবাজনো আৰ এছ এছ নেতাৰ সৈতে সঘনাই যোগাযোগ চলাই থকা বুলিও জানিব পৰা গৈছে। নাগপুৰৰ নেতাৰ জৰিয়তে বিজেপিৰ টিকট কাঢ়ি আনিবলৈ কে’বাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে এতিয়া তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )