শেহতীয়া খবৰ
Home / আঞ্চলিক / বিটিএডিত সাংসদ নৱ শৰণীয়াৰ নেতৃত্বত অবড়োৰ নতুন ৰাজনৈতিক দল পিপলছ্‌ প্ৰটেকচন পাৰ্টী

বিটিএডিত সাংসদ নৱ শৰণীয়াৰ নেতৃত্বত অবড়োৰ নতুন ৰাজনৈতিক দল পিপলছ্‌ প্ৰটেকচন পাৰ্টী

২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত হাগ্ৰামা মহিলাৰীক উৎখাত কৰাৰ সংকল্প

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ ছেপ্টেম্বৰ : পৰিষদীয় নিৰ্বাচনক লৈ বিটিএডিৰ অবড়ো ৰাইজে কঁকালত টঙালি বান্ধিছে। এইবেলি হাগ্ৰামা মহিলাৰীক গাদীচ্যুত কৰাৰ লক্ষ্যৰে ঐক্যবদ্ধ হৈছে সকলো অবড়ো সংগঠন। মূলতঃ বিটিচিৰ ক্ষমতা দখল কৰি অবড়োসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত এইবাৰ বিটিএডিত গঠন হ’ল অবড়োৰ ৰাজনৈতিক দল পিপলছ প্ৰটেকচন পাৰ্টী। আজি পাঠশালাৰ আজাদ ভৱনত অবড়ো নেতা ব্ৰজেন মহন্তৰ সঞ্চালনত আয়োজিত সভাত বিটিএডিৰ পৰা হাগ্ৰামা মহিলাৰীৰ চৈৰাচাৰী শাসন ওফৰাই দুটা দশককালজুৰি অবড়োৰ ওপৰত চলি থকা বড়ো উগ্ৰ জাতীয়তাবাদীৰ নিৰ্মম অত্যাচাৰৰ পৰিত্ৰাণ বিচাৰি আজি আনুষ্ঠানিকভাৱে গঠন কৰা হয় অবড়োৰ ৰাজনৈতিক দলটো। কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াক সভাপতি, আব্দুল বাদছাহ খানক সাধাৰণ সম্পাদক আৰু অবড়ো নেতা ব্ৰজেন মহন্তক উপদেষ্টা হিচাপে লৈ ২১জনীয়া এখন কমিটী গঠন কৰা হয়। দীৰ্ঘ বছৰ ধৰি অবড়োৰ ওপৰত চলি থকা আক্ৰমণ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত আৰু বিটিচিত অবড়োৰ সম অধিকাৰ প্ৰদানৰ লক্ষ্যৰে এই ৰাজনৈতিক দলে সংগ্ৰাম চলাই নিয়াৰ সংকল্প লয়।

বিটিএডিৰ লাঞ্ছিত-বঞ্চিতৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত আগন্তুক পৰিষদীয় নিৰ্বাচনত বিটিএডিৰ পৰা হাগ্ৰামা মহিলাৰীক পুলিয়ে-পোশাই উভালি পেলোৱা হ’ব বুলি হুংকাৰ দিয়ে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই। উল্লেখ্য যে দুটা দশকজুৰি বিটিএডিৰ অবড়োসকল ৰাজনৈতকি, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। বড়ো উগ্ৰ জাতীয়তাবাদীৰ নিৰ্মম অত্যাচাৰত এজনৰ পিছত এজনকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। প্ৰতি মুহূৰ্তত বিটিএডিৰ ২২লাখ অবড়োই সকলো ধৰণৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাই নহয়, ভাবুকিৰো সন্মুখীন হৈ আহিছে। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বিটিচিৰ চুক্তিৰ জৰিয়তে অবড়োৰ সকলোধৰণৰ অধিকাৰ কাঢ়ি নিয়া হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত লাঞ্ছিত-বঞ্চিত অবড়ো ৰাইজে নিজৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বিগত দুটা কাৰ্যকালত ঐক্যবদ্ধভাৱে কোকৰাঝাৰ লোকসভা সমষ্টিত অবড়োৰ ঐক্যবদ্ধ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক বিপুল ভোটেৰে সাংসদ হিচাপে নিৰ্বাচিত কৰিছে। একমাত্ৰ ৰাজনৈতিকভাৱে বিটিএডিৰ অবড়োসকলৰ সমস্যা সমাধান সম্ভৱ বুলি আশংকা কৰি এইবাৰ বিটিএডিত অবড়োৰ নতুন ৰাজনৈতিক দল পিপলছ প্ৰটেকচন পাৰ্টী গঠন কৰে সাংসদ নৱ শৰণীয়াই।

এইবেলি পৰিষদীয় নিৰ্বাচনত ক্ষমতাৰ বাঘজৰী তেওঁলোকৰ হাতলৈ যাব বুলি হুংকাৰ দিয়ে সাংসদ গৰাকীয়ে। মন কৰিব লগীয়া যে বিটিএডিৰ অবড়ো ৰাইজে দীৰ্ঘদিন ধৰি শোষিত আৰু নিষ্পেষিত হৈ থকাৰ পিছতো কোনো এটা ৰাজনৈতিক দলে গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল। বিটিএডিত ২২ লাখ অবড়ো ৰাইজে এতিয়া শংকাত জীৱন অতিবাহিত কৰিব লগীয়া হৈছে। সেয়ে চিৰদিনৰ বাবে হাগ্ৰামা মহিলাৰীক বিদায় দিয়াৰ সংকল্পৰে আজি নতুন ৰাজনৈতিক দলৰ জন্ম দিয়ে বুলি ঘোষণা কৰে সাংসদ নৱ শৰণীয়াই। একেদৰে উক্ত সভাতেই অবড়োসকলৰ ওপৰত চলা আক্ৰমণ প্ৰতিহত কৰাৰ বাবে গঠন কৰা হয় বিটিএডি আৰ্মী নামৰ এটা সংগঠন। আজি নৱগঠিত বিটিএডি আৰ্মীত প্ৰায় পাঁচ শতাধিক যুৱকে যোগদান কৰে। একেদৰে অবড়ো আৰু বড়োৰ সংঘাত চিৰদিনৰ বাবে সমাধান কৰাৰ লগতে বিটিএডিত বসবাস কৰি থকা সকলো জাতি-জনগোষ্ঠীক সম অধিকাৰ প্ৰদানৰ স্বাৰ্থত উক্ত ৰাজনৈতিক দলে কাম কৰি যাব বুলি সংকল্প গ্ৰহণ কৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )