শেহতীয়া খবৰ
Home / আঞ্চলিক / পদ্মশ্ৰী ডাঃ ইলিয়াছ, সহিত্যিক ড০ লক্ষ্মীনন্দন বৰা, গিলবাৰ্টচন চাংমাক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

পদ্মশ্ৰী ডাঃ ইলিয়াছ, সহিত্যিক ড০ লক্ষ্মীনন্দন বৰা, গিলবাৰ্টচন চাংমাক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ ছেপ্টেম্বৰ : বিজেপিৰ জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে ৰাজ্যিক নেতৃত্বই এজনৰ পিছত এজনকৈ বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰি মত বিনিময় অব্যাহত ৰাখিছে। তাৰে এক অংশ হিচাপে আজি কেন্দ্ৰীয় ক্ৰিড়া, যুৱ কল্যাণ আৰু সংখ্যালঘু পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৱে গুৱাহাটীত উপস্থিত হৈ পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীৰ সিজুবাৰীস্থিত বাসগৃহত মত বিনিময় কৰে। একেদৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰা, প্ৰাক্তন খেলুৱৈ গিলবাৰ্টচন চাংমাৰ বাসগৃহত উপস্থিত হৈ সম্পৰ্ক অভিযানৰ অংশ হিচাপে মত বিনিময় কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। উল্লেখ্য যে এক দেশ এক সংবিধানৰ লগত সংগতি ৰাখি বিজেপিৰ ৰাজ্যিক নেতৃত্বই বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিসকলৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )