শেহতীয়া খবৰ
Home / আঞ্চলিক / বদৌচা এফ চি দখলত “ফিল’কাপ ২০১৯”

বদৌচা এফ চি দখলত “ফিল’কাপ ২০১৯”

ফিল’কাপ ২০১৯ ৰ শ্ৰেষ্ঠ খেলুৱৈ বদৌচা এফ চিৰ সাগৰ ভুমিজ

ডিজিটেল সংবাদ, ফিল’বাৰীঃ ফিল’বাৰী ক্ৰীয়া সন্থাৰ উদ্যোগত আৰু ফিল’বাৰী অঞ্চলৰ জাতীয় জনগোষ্ঠীয় সংগঠন লগতে বৃহৎৰ ফিল’বাৰীবাসী ৰাইজৰ সহযোগত ফিল’বাৰী হাইস্কুল খেলপথাৰত ২ ছেপ্টেম্বৰ পৰা আৰম্ভ হোৱা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা “ফিল’কাপ ২০১৯” দেওবাৰে সামৰণি পৰে। উজনি অসমৰ আগশাৰীৰ দহটাকৈ অধিক দলে অংশগ্ৰহণ কৰিছিল  এই বছৰৰ আমন্ত্ৰণ মূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত। দেওবাৰে সামৰণি পৰা ফিল’কাপৰ চুড়ান্ত ফাইনেল খেলত অৱতীৰ্ণ হয় বদৌচা এফ চি বনাম টেঙাখাত এফ চি। ফাইনেল খেলৰ কিক অফ কৰে ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনিমোহন কোসে। ফাইনেল খেলত উপস্থিত থাকি খেলুৱৈ সকলৰ লগত চিনাকি কৰাই দিয়ে অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক পুতুল বৰা, মেচ কমিচনাৰ শংকৰ প্ৰসাদ গুপ্তা, প্ৰাক্তন আছু নেতা পুলক চেতিয়া, ফিল’বাৰী কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ তুলসী উপাধ্যায়ক।
তীব্ৰ উত্তেজনা চূড়ান্ত খেলখনত দুয়োটা দলেই কেইবাটাও সুন্দৰ সুযোগ লাভ কৰিছিল কিন্তু দুৰ্বল ফিনিছিং আৰু গলৰক্ষকৰ সুন্দৰ দক্ষতাত কোনো দলেই গল কৰিবলৈ সক্ষম নোহোৱাত গল শূন্য ভাৱে সমাপ্ত হয়। গল শূন্য ভাৱে সমাপ্ত হোৱাত খেল পৰিচালকে ট্ৰাইবেকাৰ পদ্ধতি ব্যৱহাৰ কৰে। ট্ৰাইবেকখৰত বদৌচা এফ. চি. দলে টেঙাখাট এফ. চি. দলক ৪-২ গলৰ ব্যৱধানত পৰাজয় কৰি ফিল’কাপ ২০১৯ ছেম্পিয়ন খিতাপ অৰ্জন কৰে।ফিল’কাপৰ ২০১৯ বৰ্ষৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে বদৌচা এফ চি দলৰ সাগৰ ভুমিজে। ফিল’কাপ ২০১৯ বিজয়ী আৰু ৰানাৰ্চ আপ দলক ট্ৰফী আৰু নগদ ধন লগতে সকলো খেলুৱৈক একোটাকৈ স্মাৰক পত্রৰে পুৰস্কৃত কৰে উদ্যোগত সমিতিয়ে। ফিল’কাপ ফাইনে‌ল খেলখন প্ৰায় পাঁচ শতাধিক দৰ্শকে উপভোগ কৰে।