শেহতীয়া খবৰ
Home / আঞ্চলিক / Video | ‘এড্‌ভােণ্টজ আছাম’ৰ যোগেদি ৰাজ্যত ৫২০০০ কোটি টকাৰ বিনিয়োগ

Video | ‘এড্‌ভােণ্টজ আছাম’ৰ যোগেদি ৰাজ্যত ৫২০০০ কোটি টকাৰ বিনিয়োগ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ কৰ ৰেহাই সিদ্ধান্তক আদৰণি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : দেশৰ মন্দাৱস্থা দূৰ কৰাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰ্পোৰেট গোষ্ঠীক কৰ ৰেহাই দিয়াৰ সিদ্ধান্তক আদৰণি জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। যোৱা ২০ ছেপ্টেম্বৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে দেশৰ অৰ্থনীতি দ্ৰুত কৰাৰ বাবে জি এছ টিৰ ক্ষেত্ৰত ঘৰুৱা উৎপাদন কোম্পানীসমূহক ১০ শতাংশ ৰেহাই দি এই হাৰ ২০ শতাংশলৈ হ্ৰাস কৰিছে। আনহাতে বহিৰাগত কোম্পানীৰ ক্ষেত্ৰত ইয়াৰ হাৰ ২৫.১৭ শতাংশ ধাৰ্য কৰিছে। নতুনকৈ গঠিত বিত্তীয় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত কৰৰ হাৰ ১৫ শতাংশ কৰাৰ বাবে এতিয়া ব্যৱসায়ী শ্ৰেণীয়ে নতুন নতুন উদ্যোগ সৃষ্টি কৰাৰ লগতে ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সুযোগ লাভ কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ২০২৪ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে যি লক্ষ্য স্থিৰ কৰিছে সেই লক্ষ্য স্পৰ্শ কৰাত শেহতীয়াকৈ বিত্তমন্ত্ৰীগৰাকীয়ে লোৱা সিদ্ধান্তই গুৰুত্বপূৰ্ণ অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ব্যৱসায়িক গোষ্ঠীক কৰ ৰেহাই দিয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে।

কৰ ৰেহাইৰ সিদ্ধান্ত বিগত ২৪ বছৰৰ ভিতৰত বলিষ্ঠ পদক্ষেপ বুলি উল্লেখ কৰি ইয়াৰ যোগেদি সৰ্বসাধাৰণ উপকৃত হোৱাৰ লগতে ঘৰুৱা উৎপাদনকাৰীসকলে উৎসাহ লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। কৰ ৰেহাই ঘোষণা কৰাৰ পিছতেই বিত্তীয় প্ৰতিষ্ঠানসমূহে ৪৭ হাজাৰ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি ইয়াৰ যোগেদি নতুন নতুন ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ ঘৰুৱা উৎপাদনকাৰীসকল উৎসাহিত হৈছে। এডভােণ্টজ আছামৰ যোগেদি ৰাজ্যত ২৪০খন বুজাবুজি চুক্তিৰ যোগেদি ৮০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইয়াৰে তৈল আৰু গেছৰ ক্ষেত্ৰত ইতিমধ্যে ৪২ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে আৰু অন্যান্য ব্যক্তিগত খণ্ডত বহুজাতিক প্ৰতিষ্ঠানসমূহে ১০ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। সেই অনুসৰি এতিয়ালৈকে অসমত ৫২ হাজাৰ কোটি টকা বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰিছে উদ্যোগপতিসকলে। ইয়াৰ ফলত অসমত নতুন নতুন উদ্যোগ প্ৰতিষ্ঠা হ’ব আৰু ৰাজ্যখনে দক্ষিণ-পূব এছিয়াত বজাৰ দখল কৰিবলৈ সুবিধা লাভ কৰিব। কৰ ৰেহাইৰ বাবে দক্ষিণ-পূব এছিয়াৰ দেশসমূহত থকা বিভিন্ন কোম্পানীৰ ইউনিটসমূহে ভাৰতত, বিশেষকৈ অসমত ইউনিট খুলিবলৈ সক্ষম হ’ব।

যাৰ ফলত ৰাজ্যত হাজাৰ হাজাৰ নিবনুৱাই সংস্থাপন লাভ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। কৰ ৰেহাইৰ ফলত উৎপাদন আৰু ৰপ্তানি বৃদ্ধি হ’ব, যিয়ে দেশৰ অৰ্থনীতি শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে বি বি এন আৰু এছিয়ান দেশসমূহৰ সৈতে অসম তথা উত্তৰ-পূবৰ বাণিজ্যিক সম্পৰ্কৰ লগতে দেশ বিশ্বৰ ভিতৰতে উৎপাদনকাৰীৰ কেন্দ্ৰ হিচাপে চিহ্নিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। কৰ ৰেহাইৰ পিছতেই বহুতো যুৱ উদ্যোগী ওলাই আহিব বুলি তেওঁ আশা প্ৰকাশ কৰাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী হিচাপে চিহ্নিত কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে যি উদ্যোগ গ্ৰহণ কৰিছে তাৰ ফলত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল আগবাঢ়ি যাব বুলি তেওঁ আশা প্ৰকাশ কৰাৰ লগতে বিগত ৭০ বছৰে কংগ্ৰেছ চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক অৱহেলা কৰাৰ বাবে ভাৰতৰ মূল সুঁতিৰ সৈতে ই আগবাঢ়ি যাব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে।

উত্তৰ-পূৰ্বাঞ্চলক আগবঢ়াই নিবৰ বাবে এক্ট ইষ্ট পলিচীৰ যোগেদি বিজেপি চৰকাৰে লোৱা উদ্যোগৰ বাবে সম্প্ৰতি বি বি এন আৰু এছিয়ান দেশসমূহৰ সৈতে যোগাযোগ আৰু যাতায়াত ব্যৱস্থা উন্নত কৰি তোলা হৈছে। যিয়ে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত সহায় কৰিব। ইতিমধ্যে ঢাকা আৰু বেংককৰ সৈতে পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰাৰ লগতে আগন্তুক সময়ত দক্ষিণ-পূব এছিয়াৰ আন দেশসমূহৰ সৈতেও বিমান সেৱা আৰম্ভ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। আজিৰ সংবাদমেলত মুখ্যমন্ত্ৰীৰ সৈতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু প্ৰেছ উপদেষ্টা হৃষী¸কেশ গোস্বামীও উপস্থিত থাকে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )