শেহতীয়া খবৰ
Home / আঞ্চলিক / ৭৪ নং ৰঙাপৰা সমষ্টিৰ উপ-নিৰ্বাচনঃ ই ভি এম-ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন

৭৪ নং ৰঙাপৰা সমষ্টিৰ উপ-নিৰ্বাচনঃ ই ভি এম-ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন

ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ অহা ২১ অক্টোবৰত ৰঙাপৰা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে আজি শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলনী কক্ষত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত ই ভি এম আৰু ভি ভি পেট মেচিনৰ প্ৰথম পৰ্যায়ৰ ‘ৰেণ্ডমাইজেশ্বন’ কাৰ্যসূচী সম্পন্ন কৰা হয়৷ এই কাৰ্যসূচীত আগন্তুক নিৰ্বাচনত ব্যৱহাৰ হ’বলগীয়া ১৯৭ টা ই ভি এম মেচিনৰ বেলট আৰু কন্ট্ৰল ইউনিত আৰু ভি ভি পেট মেচিন ই ভি এম মেনেজমেন্ট চিষ্টেম নামৰ চফ্টৱেৰ যোগেদি আৱন্টন কৰা হয়৷ ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ মুঠ ১৯৭ টা পলিং কেন্দ্ৰৰ বাবে সৰ্বমুঠ ১৯৭ টা এনে ই ভি এম-ভি ভি পেট চেট প্ৰয়োজন হোৱাৰ বিপৰিতে ২০ শতাংশ বেলট আৰু কন্ট্ৰল ইউনিট আৰু ৩০ শতাংশ ভি ভি পেট মেচিন আছুতীয়াকৈ সংৰক্ষণ কৰাৰ দিহা কৰা হৈছে৷ প্ৰথম পৰ্যায়ৰ নিৰীক্ষণৰ পিছত আজিৰ ‘ৰেণ্ডমাইজেশ্বন’ প্ৰক্ৰিয়া সম্পন্ন কৰা হয় আৰু প’লিং কেন্দ্ৰৰ আৱন্টনৰ বাবে দ্বিতীয় পৰ্যায়ৰ ‘ৰেণ্ডমাইজেশ্বন’ পুণৰ অনুষ্ঠিত কৰা হ’ব৷ আন ২৩ টা ই ভি এম-ভি ভি পেট চেট পলিং বিষয়া সকলৰ প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হ’ব৷ সভাত উপায়ুক্ত নৰসিং পৱাৰ, জিলা উন্নয়ন আয়ুক্ত ফাৰুক আলম, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ৰিটাৰ্নিং বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত উপায়ুক্ত পৰাগ কাকতি, চাৰিদুৱাৰ চক্ৰ বিষয়া তথা সহকাৰী ৰিটাৰ্নিং বিষয়া ড° সূৰ্য্যকমল বৰা, নিৰ্বাচনী বিষয়া শুভ্ৰম আদিত্য বৰা আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷ আজিৰ সভাত আগন্তুক নিৰ্বাচন স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ পৰা সহায় সহযোগিতা জিলা উপয়ুক্তই কামনা কৰে৷ লগতে তেওঁ জিলাখনত চলি থকা নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন কাম-কাজৰ বিষয়ে প্ৰতিনিধিসকলক জানিবলৈ দিয়ে৷ সভাত উপস্থিত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক নিৰ্বাচন আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ আহবান জনোৱাৰ লগতে এই ক্ষেত্ৰত প্ৰযোজ্য নীতি-নিয়ম জিলা প্ৰশাসনে তৎপৰতাৰে বলবৎ কৰিছে বুলি জিলা উন্নয়ন আয়ুক্ত ফাৰুক আলমে জানিবলৈ দিয়ে৷