শেহতীয়া খবৰ
Home / আঞ্চলিক / জাঁজী হাঁহচৰাত পলিথিন অপকাৰিতাৰ সজাগতা সভা

জাঁজী হাঁহচৰাত পলিথিন অপকাৰিতাৰ সজাগতা সভা

গণবার্তা, আমগুৰিঃ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ অক্টোবৰৰ পৰা সকলো স্তৰৰ জনগণক পৰিৱেশ নষ্ট কাৰী পলিথিন ব্যবহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিভিন্ন সামাজিক সংগঠনে এই ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে। আজি যোৰহাট জিলাৰ হাঁহচৰাত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ কোষ, ইক ক্লাব এন এছ এছ উইংৰ উদ্যোগত ছাত্ৰ- ছাত্ৰী সকলে পলিথিনৰ অপকৰিটাৰ বিষয়ে সজাগতাৰ উদ্দেশ্যে হাঁহচৰাৰ সাপ্তাহিক বৃহস্পতিয়া বজাৰত চাফাই অভিযানৰ লগতে  হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সন্মুখত এক সজাগতা অনুষ্ঠান ৰূপায়িত কৰে। স্থানীয় সচেতন মহলে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী এই পদক্ষেপক আদৰণি জনাইছে।