শেহতীয়া খবৰ
Home / আঞ্চলিক / টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ত যোৰহাট জিলা পৰিবহণ বিভাগৰ পথ সজাগতামূলক কাৰ্যসূচী

টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ত যোৰহাট জিলা পৰিবহণ বিভাগৰ পথ সজাগতামূলক কাৰ্যসূচী

ডিজিটেল সংবাদ, টীয়ক-কাকজানঃ যান বাহন সংশোধনী আইন ২০১৯ ত নতুনকৈ যিসমূহ নিয়ম অন্তৰ্ভুক্ত হৈছে সেই নিয়মসমূহ ২৩ ছেপ্টেম্বৰৰ পৰা অসমটো কাৰ্যকৰী হৈছে। যান বাহন সংশোধনী আইন ২০১৯ কিদৰে ফলপ্ৰসূ কৰি প্ৰশাসনক সহযোগ কৰিব পাৰি তাৰ ওপৰত সজাগতা অনাৰ বাবে আজি যোৰহাট জিলা পৰিবহণ বিভাগ আৰু টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ দুৰ্যোগ বিভাগৰ উদ্যোগত এক পথ সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত পৰিবহণ পৰিদৰ্শক মণ্টু কুমাৰ দাস, জিলা পৰিবহণ বিষয়া গৌৰী কুমাৰ দাস, এনফৰ্চমেণ্ট বিষয়া পদুম বাহাদুৰ লামা আৰু তৰুণ হাজৰিকা উপস্থিত থাকি পথ সুৰক্ষাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত মত বিনিময় কৰে। অনুজ্ঞাপত্ৰ অবিহনে বাহন চলালে কি কি অসুবিধাৰ সন্মুখীন হব আৰু এই অনুজ্ঞাপত্ৰ পাবৰ বাবে কি কি প্ৰয়োজনীয় নথি পত্ৰ লাগিব তাৰ ওপৰতো ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে  জিলা এনফৰ্চমেণ্ট  বিষয়া পদুম বাহাদুৰ লামাই। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিজয় কৃষ্ণ পাঁচনিয়ে সভাপতিত্ব কৰা সজাগতা সভাখনত মহাবিদ্যালয় প্ৰৱক্তা সুনীল ভট্ট, চিত্রা দুৱৰাকে আদি কৰি মহাবিদ্যালয়ৰ প্ৰায় সংখ্যক প্ৰৱক্তা আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকিসহযোগিতা আগবঢ়া ।